❤️ তুমি আৰু মই ❤️
মই সেইদিনাই তোমাৰ হলো
যিদিনা চাৰি চকুৰ মিলন হৈছিল,
মোৰ প্ৰতিটো উশাহ প্ৰতিটো নিশাহ
তোমাৰ সাতো জনমৰ প্ৰেমৰ বাবেই।
সোঁৱে-বাওৱে তুমি তুমি হোৱা
যাদুলগা দিনবোৰে সদায়েই
ধৰা দিয়ক নতুনত্বৰ আভাৰে
আলোকিত হৈ।
তুমি মই আমি হৈ তোমাৰ হাতত
হাত ধৰি সুখ-দুখৰ প্ৰতিটো ক্ষণ
ৰঙীণ পখিলাৰ ফুটুকী পাখীৰ
দৰেই কোমল হৈ থাকক দিয়া।
প্ৰতিটো ক্ষণেই যেন সোনৰ দৰেই
উজ্জলতাৰে সুশোভিত হৈ
জিলিকি থাকে আমাৰ প্ৰেমাকুল
দুখনি হৃদয় একাকাৰ হৈ।
Social Plugin