তুমিটো মোৰ প্ৰিয়…

 #feelthelove🥀🖤

                                        Help us : 100 rupees

ঐ শুনা…না মনিকা কি লিখিম তোমাৰ নামত?

তুমিটো মোৰ প্ৰিয়…তুমিটো মোৰ ভাল লগা!

কি লিখিম তোমাৰ নামত লিখিব বহিলে যেন ৰাতিটো উজাগৰী হৈ ৰৈ যাব!

তথাপি তোমাৰ নামত একলম!


শুনা না…মনিকা চুলি খিনি বান্ধি নলবা…চোন!

মেলি…আহিবা…মেলা চুলি বতাহত উৰিব আৰু তোমাক দেখি মোৰ মন উৰি ফুৰিব প্ৰেমৰ ধুমুহাত!!


পাতল ওঁঠ হালত…পলাশ ৰঙী…লিপষ্টিক ডাঠ কৈ সানি আহিবা চোন…অবতৰীয়া ফাগুন নামিব মোৰ মনত!


কজলা চকুহাল সেই নাহৰৰ কলিৰ দৰে ধুনীয়া চকুহালত অলপ বেছিকৈ কাজল সানিবা চোন উফ তোমাৰ চকুহাল!!

গভীৰ প্ৰেমৰ সাগৰ যেন…কাজল সানিবা চোন তোমাৰ

ৰূপ দুগুণে চৰিব!


ধুনীয়া মুখ খন…পূৰ্ণীমাৰ জোনটোৰ দৰে মুখ খনৰ সৌন্দৰ্য বঢ়াবলৈ…কপালত অলপ ডাঙৰ কৈ ৰঙা ফো'ট এটাওঁ লগাই চাবা চোন…তুমি যেন পৃথিৱীৰ সকলোতকৈ ধুনীয়া জনী হৈ পৰিবা তেতিয়াই!

 🥀🖤