বন্দুক
আমি জ্ঞান হোৱাৰে পৰা শুনি আহিছিলোঁ যে -তাহানি হাতী আৰু বন্দুক থকা মানুহক সমাজত বেছি মান, সন্মান যাচিছিল।
আমি জ্ঞান হোৱাৰে পৰা শুনি আহিছিলোঁ যে -তাহানি হাতী আৰু বন্দুক থকা মানুহক সমাজত বেছি মান, সন্মান যাচিছিল। কিন্তু আভিজাত্যৰ প্ৰতীকিৰ দৌৰত বন্দুকৰ মানদণ্ড হাতীতকৈ ওপৰত আছিল। বৃটিছ শাসন কালৰ পৰাই অজস্ৰ স্থাৱৰ, অস্থাৱৰ সম্পত্তি আৰু ধন -সোণৰ গৰাকী হলেও বন্দুকৰ গৰাকী হোৱাতো ইমান সহজ নাছিল। প্ৰতিখন জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা অনুমতি আদায় কৰাৰ পাছত হে এটা বন্দুক ক্ৰয় কৰিব পাৰিছিল। উপায়ুক্তৰ অনুমতি পাবলৈ তাঁত বাতি দি অহা যোৱা কৰিব লগা হৈছিল। সেই সময়ত স্কুল কলেজৰ ওপৰিও অসমৰ অফিচ আদালত চাহ বাগিছা আৰু অন্যান্য কাৰ্য্যালয়বিলাকত এচাম বুদ্ধিজীৱি অমিচিং সম্প্ৰদায়ৰ কৰ্মচাৰীৰে ভৰি আছিল। তেওঁলোকৰ বৌদ্ধিক আৰু মস্তিষ্ক বিকাশৰ তুলনাত জনজাতীয় লোকসকল তেনেই পিছপৰা আছিল। বৰ্তমানেও পিছ পৰা বুলি কলেও ভূল কোৱা নহব। আমাৰ মিচিং সম্প্ৰদায়ৰ কথা বাদেই দিছো। বৰ্তমানেও নগৰত বাস কৰা এমুঠি মিচিং বাসিন্দাসলক বাদ দি নব্বৈ শতাংশ লোক পিছপৰি আছে। তাহানিৰ অবিভক্ত শিৱসাগৰ, লক্ষীমপুৰ জিলাৰ কাছাৰী , আদালতৰ কাৰ্য্যালযত আৰ্থিক ভাৱে স্বচ্ছল এমুঠি মিচিং সম্প্ৰদায়ৰ ব্যক্তিয়েহে বিভিন্ন কামত অহা-যোৱা কৰিছিল। অমিচিং কেৰাণী বাবুসকলে আৰ্থিক স্বচ্ছলতাৰ সুযোগ লৈ দহদিনৰ ভিতৰত হ'ব লগা কাম নানা অজুহাত দেখুৱাই দহমাহ পিছুৱাই ৰাখিছিল। তেওঁলোকে দহ মাহত বিশটা তাৰিখ নিৰ্ধাৰণ কৰি চহা সহজ সৰল মিচিং সকলৰ পৰা উপঢৌকন হিচাপে গাখীৰ,দৈ,খাটি সৰিহৰ তেল, মাছ,এৰি চাদৰ,মিৰিজিম আদি আদায় কৰি লৈছিল। গতিকে উপায়ুক্ত কাৰ্যালয়ৰ পৰা বন্দুক কিনাৰ অনুমতি উলিয়াবলৈ হলেও একে পদ্ধতি অনুকৰণ কৰিব লগা হৈছিল। বন্দুক কিনাৰ পাছত বিভাগীয় কেৰাণী/বাবুৰ পৰা গুলি ক্ৰয়ৰ অনুমতি আদায় কৰিবলৈ গৈ ,তাতো আকৌ দৈৰ দুটামান টেকেলী,ডাঙৰ দুজনী মাছ মাননী হিচাপে দিব লগা হৈছিল।
আমাৰ কাম চৰাই আত্তাৰ তাতঃ,( ককাদেউতা) স্বৰ্গীয় চম্কিৰ পাংগিং চৰাইপৰা মিচিং গাঁৱৰ এজন প্ৰতিপত্তিশালী, যথেষ্ঠ স্থাবৰ, অস্থাবৰ,সম্পত্তি, হাজাৰ গৰু, মহৰ গৰাকী আছিল। এক প্ৰকাৰ জমিদাৰৰ দৰেই আছিল। তেখেত গাৱঁৰ এক মাত্ৰ গণ্যমাণ্য ব্যক্তি আছিল। তেখেত বৰ চিকাৰ প্ৰিয় লোক আছিল। সেই কাৰণে তাত: চম্কিৰেও ওপৰোক্ত নিয়ম পদ্ধতি আৰু উপঢৌকনৰ পথ অনুকৰণ কৰি বহু কষ্টেৰে আভিজাত্যৰ প্ৰতীক নাইবা নিজৰ হাবিয়াস পুৰণাৰ্থে দুনলীয়া বন্দুকটো কিনিছিল। তেখেতৰ বাবুৰসিং নামেৰে এজন একমাত্ৰ পুত্ৰ আছিল। চম্কিৰ তাতৰ চৰ্দাৰ জগতসিং নামেৰে এজন বিস্বাসী বিহাৰী সম্প্ৰদায়ৰ বন্ধু আছিল। তেওঁ মাজে সময়ে গাখীৰ ,দৈ,শাক পাচলি ,মাছ আদি নিবলৈ গাঁৱলৈ আহিছিল। তেওৱেই চম্কিৰৰ একমাত্ৰ পুতেকৰ নাম, "বাবুৰসিং " নামেৰে নামাকৰণ কৰিছিল।সেই নামেৰে পিছলৈ "বাবুৰসিং"সমাজত জনাজাত হৈছিল।
তেওঁৱেই আছিল আমাৰ কাম চৰাই আত্তাৰ বাবুৰ সিং বাবয় ( খুড়া) । তেওঁ আত্তাৰ নিজৰ বংশৰ আছিল। তেওঁ দেখা শুনাই পহলোৱানৰ দৰে আছিল। তেওঁৰ সুঠাম দেহৰ শাৰিৰীক গঠন দৰে এজন সাহসীয়াল ,সৰল আৰু অল্পভাষী লোক আছিল। সৰুকালৰে পৰা দেউতাৰ লগত চিকাৰ কৰিবলৈ গৈছিল। কেতিয়াবা দেউতাক আৰু দেউতাকৰ চিকাৰী বন্ধুসকলৰ সৈতে দুই তিনি ধৰি হাবিত কটাইছিল। সেই দৰে সৰুকালৰ পৰা বাবুৰসিং চিকাৰৰ প্ৰতি আকৃষ্ট হৈছিল। দেউতাক স্বৰ্গগামী হোৱাৰ পিছত বাবুৰ সিং পাংগিং দেউতাকৰ বৃটিছ শাসন কালৰ দুই নলীয়া বন্দুকটোৰ উতৰাধিকাৰী হৈ পৰিল। গাৱৰ কৃষিকৰ্মতকৈ বাবুৰসিঙে চিকাৰ কৰি বৰ ভাল পাইছিল। সেইয়ে তেওঁৰ চিকাৰী নাম দূৰ দূৰণিৰ গাঁৱলৈকে বিয়পি পৰিছিল। যতেই বাঘৰ উপদ্ৰৱ হৈছিল, তালৈকে অতি আদৰেৰে তেওঁ ক নিমন্ত্ৰণ কৰিছিল। বহুত কষ্ট আৰু ধৰ্য্যৰ মাজেৰে ব্যাঘ্ৰ নিধন কৰি ৰাইজক বিপদৰ পৰা ৰক্ষা কৰিছিল। ৰাইজেও অতি সন্মানেৰে বিদায় দিছিল। পিছলৈ বাবুৰসিং ব্যাঘ্ৰ চিকাৰী হিচাপে বিখ্যাত হৈছিল। অতি কম দিনৰ ভিতৰতে বাবুৰসিং আশী নব্বৈৰ ওচৰা ওচৰিকৈ বাঘ নিধন কৰি বিখ্যাত হৈ পৰিছিল।
চিকাৰী বাবুৰসিং ৰাইজৰ নিমন্ত্ৰণ ৰক্ষা আৰু নিজৰ হাবিয়াস পূৰণ কৰিবলৈ হাবিয়ে জঙ্ঘলে দুই তিনি দিন ধৰি বতাহ, বৰষুণ, কীট পতঙ্গৰ কামোৰণি নেওচি খাপ পিটি থাকিবলগীয়া হৈছিল। সেইদৰে দৰে দিনবোৰ বাগৰি গৈ থাকোঁতে নিজৰ পৰিয়ালৰ প্ৰতি লব লগীয়া দায়িত্ব আৰু কৰ্তব্য বাবুৰসিঙে ভাল দৰে পালন কৰিব পৰা নাছিল। বাবুৰসিঙৰ মাক বাপেক ঢুকোৱাৰ পিছত পত্নী গাবঙে ঘৰখনৰ দায়িত্ব মূৰ পাতি লোৱাৰ দৰে হ'ল, যিহেতু পতি মাহটোৰ সপ্তাহ,পষেক দিনহে ঘৰত থাকিবলৈ সময় পাইছিল। তেওঁ ঘৰৰ পৰা আলেঙে আলেঙে ঘুৰি ফুৰি থাকোঁতে ল'ৰা ছোৱালী তিনিটি যৌৱনত ভৰি দিয়া গমকে নাপালে। দুজন পুত্ৰৰ সৰুটোৱে আধাতে স্কুল এৰি কম বয়সতে ছোৱালী এজনী পলুৱাই আনিলে। কেইমাহমান লগতে খোৱা বোৱা কৰি বেলেগ হ'ল। সিহঁত দুয়োটাৰ গৃহকন্দলৰ প্ৰকোপত গাৱৰ পৰিবেশ বিনষ্ট হবলৈ ধৰিলে। একমাত্ৰ ছোৱালী জনীও ঘৰৰ হালুৱাটোৰ লগত খেলিমেলি হোৱাত মেল মিটিং কৰি চমজাই দিব লগা হল। ডাঙৰ ল'ৰাটোৰ সৈতে গাবঙে যেনেতেনে ঘৰখনৰ অতীত মৰ্যদা ধৰি ৰাখিবলৈ চেষ্টা কৰি আছিল। পিতৃ-মাতৃৰ দিনৰ মান মৰ্য্যদা, সন্মানৰ লগতে আৰু আৰ্থিক অৱস্থাও বহুখিনি অৱনমিত হৈ আহিল। বাবুৰসিঙৰ পত্নীয়ে অত বছৰে অকলশৰে ঘৰ বাৰী, ল'ৰা-ছোৱালী , খেতি পথাৰ চম্ভালোতে তাইৰ মন আৰু শৰীৰটো পৰি আহিল। পতিৰ চিকাৰ প্ৰিয় মনটো ব্যাঘাত জন্মিব বুলি কোনোদিনে তাই সমস্যাবোৰ খুলি কোৱা নাছিল। বাবুৰসিঙে আনৰ উপকাৰ কৰি ঘুৰি ফুৰোঁতে নিজৰ সংসাৰ অস্তমিত সূৰ্য্যৰ দৰে ডুব যোৱা অৱস্থা বহুত পলমকৈ গম পালে।তাই নকলেও ঘৰুৱা সমস্যা আৰু পত্নীৰ স্বাস্থ্য অৱনতিয়ে বাবুৰসিঙৰ মনত মানসিক অশান্তিৰ চাকনৈয়া সৃষ্টি কৰিছিল। কিছুমান মানুহে বন্ধু বান্ধৱীৰ আগত সমস্যাবোৰ প্ৰকাশ কৰি মনটো পাতল কৰি সকাহ পায়। কিছুমানে আকৌ মনৰ ভিতৰতে গুপুতে ৰাখি অকলেই দুখবোৰ বহন কৰি থাকে। সকলো সমস্যা সকলোৱে সহজে ল'ব নোৱাৰে। গতিকে প্ৰতিটো সমস্যাই প্ৰতিজন মানুহৰ ওপৰত বেলেগ বেলেগ ক্ৰিয়া বা প্ৰভাৱান্বিত কৰে। সমস্যা আৰু দুখবোৰে এই দৰে ক্ৰমান্বয়ে বংশ বৃদ্ধি কৰি গৈ থাকে।অল্পভাষী বাবুৰসিঙৰ মনৰ কথাবোৰো প্ৰকাশৰ বাট হেৰুৱাই মন নদীৰ গৰাহত খুন্দা দি থাকিবলৈ ল'লে। পত্নীক কবিৰাজ ,গাৱলীয়া ঔষধ পাতি নিয়মিয়াকৈ দিয়াৰ ওপৰিও বেজালিৰ মন্ত্ৰৰ দ্বাৰাও জৰাফুকা চলিল। কিন্তু জিলাত থকা বৰ ডাক্তৰৰ ওচৰত চিকিৎসা কৰিব লাগে যদিও টকা পইচাৰ আৰু অন্ধবিশ্বাৰ বলি হৈ ৰুৰীয়া পত্নীক বেজালী আৰু সকাম নিকামৰ ওপৰত নিৰ্ভৰ কৰি চিকিৎসা কৰিবলৈ ধৰিলে। বেজ বেজালিৰ চিকিৎসা তথা সকাম নিকামৰ প্ৰাৰ্থনা কোনো ফল নধৰিল। বৰঞ্চ দিনক দিনে গাবঙৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ললে। পত্নীৰ অসুখীয়া অৱস্থাই বাবুৰসিঙক ঘৰৰ দায়িত্বভাৰ নতুন কৈ মূৰ পাতি লবলৈ বাধ্য কৰালে।অৱশ্যে ডাঙৰ ল'ৰাটো ইতিমধ্যে ডেকা হলত প্ৰায়বিলাক দায়িত্ব পালন কৰিব পৰা হৈছিল। গতিকে বাবুৰসিং গাবঙৰ চিকিৎসাতে একান্ত ভাৱে মনোনিবেশ কৰিলে। বহুত ঠাইত মঙ্গল লতি চোৱা চিতা কৰি মিচিং সকাম নিকামো প্ৰায় শেষ হৈ আহিছিল। প্ৰায় ভাগ মিচিংলোকে বাতি চালনা, সৌকা চালনা আৰু পাজি পুথি চাওঁতাৰ বিধানৰ ওপৰত বিশ্বাস কৰে ,বাবুৰসিঙো তাৰ ব্যক্তিক্ৰম নাছিল। শেহতীয়াকৈ এজন বেজৰ প্ৰৰোচনাত প্ৰৰোচিত হৈ গাৱঁৰে কোনোবা দাইনীয়ে মন্ত্ৰপুত কৰি চাংঘৰৰ তলত তাবিজ পুতি থোৱা সন্দেহত মাটি খান্দি কিবাকিবি উলিয়ালে। এদিন সমজুৱাকৈ বেজালীয়ে পুতি থোৱা তাবিজ খান্দি উলিয়াইছিল যদিও কৰ্তা জনক চিনাক্ত কৰণত অপৰাগ হৈছিল। ৰাইজৰ প্ৰশ্নবাণত বেজালীয়ে মায়ঙৰ বেজৰ দ্বাৰাহে সম্ভৱপৰ বুলি মন্তব্য কৰিছিল।সেই বোৰ অনেক পূজা পাতল, সকাম নিকাম ,ঔষধপাতি, জৰাফুকা কৰাৰ পাছতো গাবং সুস্থ হৈ উঠা নাছিল।
ঘৰৰ দায়িত্বভাৰ আৰু নৰীয়া পত্নীৰ বাবে বাবুৰসিং ইচ্ছা থাকিলেও ব্যাঘ্ৰ চিকাৰৰ নিমন্ত্ৰণ ৰক্ষা কৰিব পৰা নাছিল। কাৎচিতহে এৰিব নোৱাৰা অৱস্থাত নিমন্ত্ৰণ ৰক্ষা কৰিছিল।বাবুৰসিঙো বহু বছৰ চিকাৰত ব্যস্ততা থকাৰ সময়ত বহুতো কষ্ট আৰু কীট পতঙ্গৰ আক্ৰমণ সন্মুখীন হ'ব লগা হৈছিল। বয়স বঢ়াৰ লগে লগে দেহাত নানা কাৰণত নানা ধৰণৰ বেমাৰৰ উপসৰ্গই দেখা দিবলৈ ধৰিলে। ঘৰৰ ভিতৰতে আৱদ্ধ হৈ চিকাৰৰ প্ৰতি অনিহা ভাৱ আহিবলৈ ল'লে।
বাৰিষাকালি নৈপৰীয়া গাৱঁত হাবি বননিত এআঠু পানী হোৱাটো স্বাভাৱিক । বনৰীয়া জীৱ-জন্তুৱে ওখ ঠাইত আশ্ৰয় লয়। বাবুৰসিঙৰ ঘৰৰ পৰা পঞ্চাছ মিটাৰ মান আঁতৰত এখন বাঁহ বাৰী আছিল। সেই বাৰীখনৰ মাটি ওখ হোৱাৰ বাবে অলপীয়া বাৰিষাত পানীত বুৰ নগৈছিল। সেই কাৰণে বাৰিষাত বাৰীখনত সৰু বনৰীয়া জীৱ জন্তৱে আশ্ৰয় লৈছিল আৰু বাস কৰাও সকলোৱে দেখি আহিছিল।
বাবুৰসিঙৰ পত্নীৰ গা অত্যন্ত বেয়াৰ ফালে গতি কৰিছিল। বাবুৰসিং ৰাতিপুৱা চাংঘৰৰ জুইশালত নিজৰ বাৰীত উৎপাদিত মান ধপাত এজাৰ গছৰ শুকান পাতেৰে মেৰিয়াই একপ্ৰকাৰ চিগাৰেট দৰে দীঘল চুৰট এডাল হুপি আমন জীমনকৈ বহি আছিল। এনেতে বাঘ বাঘ বুলি চিঞৰি আতুৰত কেইজনমান মানুহ বেগাই আহি চাংঘৰত উঠিল। বাঘটো বাঁহনিত আশ্ৰয় লৈ থকা বুলি গম পায়ো বাবুৰসিঙে একো সহাঁৰি নাইবা চিকাৰ কৰিবলৈও উদ্যত হোৱা নাছিল। বিছনাখনত গাবঙ ৰুগ্ন দেহটো লৈ পৰি থকা দেখি মানুহ কেইজনে নিম্ন স্বৰত কথোপকথন কৰিবলৈ ধৰিলে। ৰাইজৰ টিন,ঢোল, ইত্যাদি শব্দৰ সমদলত বাঘটো ভয়তে পানীৰ মাজেৰে হাবিলৈ পোনালে। বাঘটো আঁতৰি যোৱাত ৰাইজে গতানুগতিক কামত আকৌ ব্যস্ত হৈ পৰিল।
নিশা আহিল সকলো শুই নিঃপালি দিলে।মাথো বাবুৰসিং টোপনি যাব পৰা নাছিল। মুখত চুৰট এডাল হুপি হুপি ধোঁৱা উৰুৱাই গাবঙৰ প্ৰহৰী হৈ বহি আছিল। চুৰটৰ ক্ষীণ ধোঁৱাবোৰ নিশাৰ অন্ধকাৰত বাট হেৰুৱাই যেনিতেনি উৰি ফুৰিছিল বাবুৰসিঙৰ অশান্ত মনটোৰ দৰে। এবাৰ গাবঙৰ ফালে চকু দি গাভৰু কালৰ চেহেৰা পাতি মনত পেলাবলৈ যত্ন কৰিছে। কেনেবাকৈ যদি তাই যদি এৰি গুচি যায় ? কেনেকৈ বেদনাবোৰ সহ্য কৰিম, ইত্যাদি অমঙ্গল চিন্তা বোৰ তেওঁৰ মনৰ ভিতৰত তাঁতৰ শালত মাকো চলাদি চলি আছিল। দুগালেদি দুধাৰি তপত বৈ অহা চকুলোৰ বাবে গাবঙৰ মুখমণ্ডল স্পষ্ট কৈ দেখা নোপোৱাত জুইশালৰ খৰিবোৰ চপাই দিয়াত জুইকুৰা আকৌ দপ্ দপকৈ জ্বলি উঠিল। তাইক এবাৰ জগাম বুলি ভাবিও মনে মনে সি বহি থাকিল।" দুখৰ ৰাতি নুপুৱায়" । কথাষাৰৰ সাৰমৰ্ম বাবুৰসিঙৰ বুজি পাবলৈ বাকী নাছিল। নিশা বঢ়াৰ লগে লগে তেওঁৰ দুঃচিন্তাও বাঢ়ি গৈছিল। অথচ একেধৰণৰ নিশাত ক'ত বাঘ চিকাৰ কৰি পাৰ কৰিছিল। তেতিয়াটো ভয়, শংকা একোৱেই নাছিল। বাবুৰসিঙৰ লগত চিকাৰী বন্ধু, চিকাৰী কুকুৰ, ৰাইজৰ মৰম স্নেহ,মান, সন্মান সকলো আছিল। এতিয়া দূৰৈৰ কুকুৰ,শিয়ালৰ মাত আৰু গোহালিৰ গৰু, মহৰ ভৰিৰ দুপ্ দাপ শব্দই লগৰীয়া। একালৰ বৃন্দাবন একালত চ'ন পৰাৰ দৰে বাবুৰসিঙৰ অৱস্থা। মনৰ ভাৱৰ গতিক কেইটামান হতাশ, হুমুনিয়াহেৰে ভেটা দিবলৈ বৃথা চেষ্টা কৰি গাবঙৰ কাষতে লাহেকৈ শুই পৰিল।
পুৱা বাবুৰসিং উঠাৰ আগতে গাবং উঠি বহি আছিল। ৰুগ্ন দেহাৰে তাই আগৰদৰে দুই এটা কাম কৰিব বিচাৰে। বাবুৰসিঙে মুখখন ধুই হাতত পিতলৰ ঘটি এটা লৈ বাহিৰ ফুৰিবলৈ অৰ্থাৎ পুৱাৰ প্ৰকৃতিৰ নিয়ম পালন কৰিবলৈ বাঁহবাৰীলৈ গ'ল। কামফেৰা কৰি উঠিবলৈ লওঁতে কাষতে থকা আন এজোপা বাঁহগুৰিৰ বিলঙনীৰ আঁৰত বাঘ এটা দেখা পালে। বাবুৰসিঙে ততাতয়াকৈ ঘৰলৈ আহি বেৰত আঁৰি থোৱা দুই নলীয়া বন্দুকটো নমাই, দুটা গুলি ভৰাই আৰু কেইটামান গামোছাৰে মেৰিয়াই ককাঁলত বান্ধি বেগাই ওলাই গ'ল। গাবঙে একো তৎ ধৰিবই নোৱাৰিলে। বাবুৰসিং বাঘলৈ গুলিৰ লক্ষ্য স্থিৰ কৰাৰ আগতে বাঘটোৱে অতৰ্কিতে জাপ মাৰি বাবুৰসিঙক আক্ৰমণ কৰিলে। দুয়োৰে মাজত যুঁজ বাগৰ লাগিল। অৱশেহত চিকাৰী বাবুৰসিঙৰ বন্দুকৰ গুলিত বাঘটোৱে মৃত্যু বৰণ কৰিলে। বাবুৰসিঙো বেয়াকৈ আক্ৰমণৰ বলি হয়। ৰাইজে বাবুৰসিঙক দাঙি আনি tunge'ngat পেৰে ৰিবি চাদৰেৰে মেৰিয়াই শুৱালে। আমাৰ মিচিং সমাজত প্ৰচলিত নিয়ম মতে কোনোবাই যদি দুৰ্ঘটনা নাইবা আক্ৰমণতৰ বলি হ'লে ৰঙা ৰঙৰ কাপোৰ ৰিবি, পেৰে পিন্ধাব বা কাষত থব লাগে। বাবুৰসিঙে ইমান দিনে এশতকৈ অধিক বাঘ চিকাৰ কৰিও প্ৰত্যাক্ৰমণৰ সন্মুখীন হোৱা নাছিল। গতিকে সেই বাঘৰ আক্ৰমণে তেওঁৰ আত্ম সন্মানত বেয়াকৈ আঘাত দিছিল। টু্ংগেঙৰ বিছনাৰ পৰাই ৰাইজক মৃত বাঘটোক চোতাললৈ দাঙি আনিবলৈ অনুৰোধ কৰিলে। ৰাইজেও কথামতে ভাৰ বৈ চোতালত শুৱাই থলে।এই বাৰ বাবুৰসিং গাবঙৰ বাধাৰ স্বত্বেও হিংস্ৰ বাঘৰ গতিত জাপ মাৰি উঠি মৃত বাঘটোৰ মুখত উদাই মুদাই গুৰিয়াবলৈ ধৰিলে। ইতিমধ্যে বাঘটোৰ তীক্ষ্ণ দাঁতে বাবুৰসিঙৰ ভৰিৰ তলুৱা চিৰাচিৰ কৰিলে।খঙত আগ্নিশৰ্মা হৈ কৰা কামৰ ফল বাবুৰসিঙে হাতে হাতে পালে। বিষত বাবুৰসিং গগন ফালি চিঞৰিবলৈ ধৰিলে। বাঘৰ আক্ৰমণতো তেওঁ ইমান কষ্ট পোৱা নাছিল।কবিৰাজৰ কোনো ঔষধ পাতি কাম নকৰা হল।বাঘৰ আক্ৰমণৰ বিষ আৰু আঘাতপ্ৰাপ্ত ঘাঁবিলাকত বিভিন্ন বীজাণুৰ সংক্ৰমণত বাবুৰসিং একেবাৰে পংঙ্গু দৰে বিছনাত পৰি থাকিবলগীয়া হৈছিল । সেইদৰে কেইমাহমান পৰি থকাৰ পাছত যমৰ যাতনা ভুগি সকলোকে কন্দুৱাই ইহলীলা সম্বৰণ কৰে। "এশ গৰু মাৰিলে বাঘৰো মৰণ"। অতি দৰ্পে হত লঙ্কা" এই বাক্যৰ পুনৰ প্ৰমাণিত হল। গাবঙৰ অৱস্থা আৰু শোচনীয় হৈ পৰিল। দেউতাকৰ মৃত্যুৰ ক্ৰিয়া কৰ্ম ডাঙৰ ল'ৰা বানেশ্বৰে পাংগিঙে ৰাইজৰ সহযোগত সম্পন্ন কৰিলে। স্বামীৰ মৃত্যুৰ বেদনাত আৰু যত্নৰ অভাৱত অচিন ৰোগতে গাবঙৰো এমাহৰ পিছত মৃত্যু হয়। মাকৰ মৃত্যুৰ পাছত পুত্ৰ বানেশ্বৰ অকলশৰীয়া হৈ পৰিল। বাবুৰসিঙৰ ঘৰখনত বিৰাজিত হিম শীতল পৰিৱেশত এমাহজুৰি ৰাইজৰ লগ সঙ্গই সহানুভূতিৰ নীৰৱ উষ্ণতা ভৰাই তুলিবলৈ সক্ষম হৈছিল।। ৰাইজৰ সমাগম ক্ৰমান্বয়ে কমি অহাৰ ফলত ঘৰখনত নিঃসঙ্গতা মিশ্ৰিত নীৰৱতাই এফালৰ পৰা গ্ৰাস কৰিবলৈ ধৰিলে। সেই নিঃসঙ্গতাৰ একমাত্ৰ সহযাত্ৰী আছিল "বানেশ্বৰ"। ঘৰ খনৰ ধ্বংস আৰু মাক বাপেকৰ অকাল মৃত্যুৰ কাৰণ বন্দুকটো বুলি সি ধৰি লৈছিল। আভিজাত্যৰ প্ৰতীক ,তাতঃচম্কিৰৰ মান, সন্মান , বাবুৰসিঙৰ হাবিয়াস আৰু শ শ জীৱ জন্তুৰ আত্মাৰ নিধনৰ সাক্ষী বহনকাৰী সেই দুই নলীয়া বন্দুকটোক পু- নাতি তৃতীয় পুৰুষ বানেশ্বৰ পাংগিঙে অমঙ্গলীয়া বুলি ভাৱি ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে সসন্মানে ধোৱাঁচাঙত তুলি থলে।
+++++++
Social Plugin