চাহ বাগিছাৰ আৱেগ
------------------------------------
আটি আটি বান্ধি লও
কঁকালত গামোচা
কোৰৰ চাৱত ডুলে
তেজাল কলিজা,,,,
কঁপালত ফুলে
সিক্ত ঘামৰ চাহপতীয়া ফুল
পুৱাৰ পৰা সন্ধিয়ালৈকে
হৃদয়ত বাজি থাকে
ঝুমইৰ গীতৰ ৰোল,,,
ভাগৰিও নাভাগৰা
এটি বাগানীয়া দেহা
ৰাতি শোৱাপাতিত
উজাই কামিহাড়ত এটুকুৰি বিষ
ৰাতিটো উপভোগ কৰো
চাহনিৰ সেউজীয়া ৰাগ
মুঠি মুঠি বিলাও
সেউজৰ জিপাল আৱেগ !!
---------@----------
Social Plugin