আপোন-পৰ
-- ঐ পুতুকণ যা চোন যা চাই আহ গৈ।
-- ঐ পুতুকণ মোৰ বস্তুটো হ'লে আনিবি দেই ভাই।
-- পুতুকণ শুন চোন শুন, এইফালে আহ ঐ।
আপোন-পৰৰ সূত্ৰ সি ভালকৈ নাজানে, অৱশ্যে জানিবনো ক'ত ঘৰখনত জানো সি কেতিয়াবা পৰ হৈ পাইছে। তাক চোন সকলোৱে সকলো সময়তে হাঁহি-ধেমালিৰে, মৰমতে পুতুকণ বুলিয়েই মাতে। আৰু সিয়ো ঘৰখনৰ সকলোকে নিজৰ বুলিয়েই ভাবি আহিছে। নিজৰ বুলিয়েই ঘৰখনৰ সকলোৱে তাক যঁচা সকলোবোৰ কাম বিনা এলাহেৰে সময় মতেই নিয়াৰিকৈ কৰি আহিছে। ৰাতি দুপৰতো সি কেতিয়াবা ঘৰখনৰ নিজৰ মানুহবোৰে তাক যঁচা সকলোবোৰ কাম বিনা প্ৰতিবাদেই সি সমাপন কৰি আহিছে। নোৱাৰো বুলি ক'বলৈ তাৰ বেয়া লাগে কাৰণ ঘৰখনৰ সকলোবোৰ মানুহ তাৰ নিজৰ। ঘৰখনৰ সকলোৱে তাক ভাল পায়। মৰম কৰে। বিয়া-বিহু, পূজা-পাৰ্বন আদিত সকলোৱে তাক মৰমতে বহুত কিবাকিবি বস্তু দিয়ে। চোলা, গামোচা, গেঞ্জী আদি বহুত কিবাকিবি বস্তু দিয়ে তাক নিজৰ মানুহবোৰে। সেয়ে সিয়ো ঘৰখনৰ নিজৰ মানুহবোৰক বহুত ভাল পায়। নিজৰ আপোন মানুহবোৰে মৰমতে তাক কিবা এটা বস্তু যঁচাৰ সময়ত নিজৰ আপোন মানুহবোৰৰ প্ৰতি মৰম-ভালপোৱাত হৃদয়খন উঠলি উঠে তাৰ। আৱেগত কেতিয়াবা চকুৰে চকুপানীয়ো নিগৰি আহে তাৰ.........।
কিন্তু এয়া কি ! হাস্পতালৰ বাৰান্দাত সি আজি অকলেই লোৰ বিছনাখনত শুই আছে দেখোন। ওচৰে-পাজৰে নাই চোন আজি তাৰ নিজৰ আপোন আপোন লগা মানুহবোৰ। উন্নত চিকিৎসাৰ অভাৱত সি চোন আজি অকলেই হাস্পতালত ককবকাইছে। হয়তো মৃত্যুলৈ আৰু বেছি সময় নাই তাৰ। এইহেন বিপদৰ সময়খিনিত সঁচাকৈয়ে নিজৰ আপোন মানুহবোৰ আজি তাৰ লগত নাই। মৰমৰতে পুতুকণ বুলি সঘনাই কাম আদায় কৰি লোৱা নিজৰ আপোন আপোন লগা মানুহবোৰে চাগে আজি তাৰ লগত থাকিলে বহু লোকচান হোৱাৰ ভয়ত তাৰ পৰা আঁতৰি থাকিল.......!!
হয়, আজিহে বুজি পালে সি ঘৰখনত আচলতে সি ইমান দিনেই পৰ হৈয়েই আছিল আৰু তাৰ নিজৰ আপোন আপোন লগা মানুহবোৰো তাৰ নিজৰ আপোন নাছিল, আচলতে ইমান দিনেই সিহঁতবোৰো তাৰ বাবে পৰেই আছিল। আপোন পৰৰ এই পাকলগা সূত্ৰটো আজিহে ভালকৈ বুজি উঠিলে সি....... !!
Social Plugin