বুদ্ধিদীপ্ত কুকুৰ

 বুদ্ধিদীপ্ত কুকুৰ

----------------------------------------

সিহঁতে মুখে-মুখে চাই হাঁহিছে

চাৰিওটাই নতুন প্ৰকল্পৰ কথা পাতিছে।

বৰণ যদিও বেলেগ

চিন্তাধাৰা কিন্তু একে। আজি হোটেলৰ পিছফালে থকা

চুৱা পাতনিত সিহঁতৰ মিটিং।


কুকুৰবোৰৰ মাজত ভ্ৰাতৃত্ববোধ

বাঢ়িছে। আজি কুকুৰে স্বভাৱগত হিংসা পাহৰি গ'ল।

হাঁহ-কুকুৰা খোৱাৰ বাবে নতুন নতুন বুদ্ধিৰে সিদ্ধহস্ত

হ'ল। সময়ৰ স'তে কুকুৰে নিজকে উন্নত কৰিবলৈ

সক্ষম হৈছে।


ৰবিতাৰ সৰু সৰু হাঁহৰ পোৱালি কেইটা

খাৱলৈ সিহঁতৰ চোৰাংচোৱা গিৰী। চীন দেশৰ

সীমান্তৰ সৈনিকৰ দৰে সিহঁতৰ মন।


প্ৰভুভক্ত-বিশ্বাসী এই শব্দবোৰৰ পৰা

আঁতৰি আহিছে নেকি কুকুৰবোৰে। এতিয়া কোনে

ল'ব ইহঁতৰ ঠাই। ৰটেচন পদ্ধতি সদায় অনুসৰণ কৰে কুকুৰে।


এতিয়া কুকুৰৰ বৰ্ণ সংকৰ পাই। ডিঙিত ৰচী লগাই

টানি টানি মোৰো সম্ভ্ৰান্ত হ'ব মন যায়। কুকুৰে অনুমতি

দিলেহে টানিম।


কুকুৰৰ দাঁত কেইটা সিদিনা দেখিছোঁ মই। ঢকঢকীয়া

বগা। যেতিয়া কুকুৰাজনীয়ে আক্ৰমণ কৰিবলৈ

খেদি গৈছিল কুকুৰে স্বভাৱ সুলভ হাঁহিটো মাৰিছিল।

আৰু কুকুৰাজনী পিছুৱাই আহি মোৰ ফালে

চাই সহায়ৰ বাবে কৈছিল।


মই এটা কুকুৰ পুহিম। তাক মানৱতাৰ পাঠ শিকাম।

ধৰ্মতকৈ প্ৰকৃতিৰ নিয়মক সদায় আগস্থান দি'ব

মোৰ কুকুৰটোৱে।


হিংসা পৰিহাৰ কৰিবলৈ তাক

প্ৰাত:ভ্ৰমন আৰু সান্ধ্য ভ্ৰমনত নতুনত্বৰ কথাৰে

উজ্জীৱিত কৰিম। সি হাঁহ খাবলৈ পাহৰি যাব।

ডাইনিং টেবুলত ভাত খাৱ।

আৰু নি:সঙ্গ হ'লে মোৰ লগত কথা পাতিব॥

          @mønjit kūřmî