সোণতলিৰ মাজে মাজে

 সোণতলিৰ মাজে মাজে     ( চুটিগল্প )


      কামৰ পৰা আহোঁতে বহু দেৰি হ'ল বাবে ঘৰলৈ নাযায় চিধাই তাই পথাৰলৈ খোজ ল'লে। তাইৰ ল'ৰাটোৱে চাগে আজিও গৰু-ছাগলীবোৰ নিনিয়াকৈ থাকিল। কিয়নো যোৱা মাহতে তাই তাক দিম বুলি কোৱা তাৰ পছন্দৰ কাপোৰ যোৰ আজি পৰ্য্যন্ত তাই দিব পৰা নাই। গতিকে সি অভিমান কৰাতো স্বাভাৱিক। ইপিনে তাৰ বুজিব পৰাকৈ বয়সো হৈ উঠা নাই। তাতে আকৌ এজনেই ল'ৰা তাইৰ। কিনো খং কৰি থাকিব তাক। তাৰ বয়সৰ ল'ৰাবোৰ চোন এতিয়াও মাকৰ কোঁচতে তাই দেখিবলৈ পায়। সিটো তাইক তেনেকৈ আমনি নকৰেই। সকলো বুজে। মাত্ৰ তাৰ পছন্দৰ কাপোৰ যোৰ নোপোৱা বাবেহে। হ'বও দে চোন । এইখিনি বয়সতে যদি সি তেনেকুৱাখন নকৰে কেতিয়ানো কৰিব। এইপিনে পূজাৰ বতৰ। তাতে আকৌ গাঁৱখনৰ আটাইকে নতুন কাপোৰ লোৱা দেখিবলৈ পাইছে সি। সিনো কেলেই নল'ব। তাকনো কেলেই নালাগিব। এটা হুমুনিয়াহ এৰিলে তাই।

       দিগম্বৰ আজি থকা হ'লে। হয়তো তাইৰ ইমান কষ্ট নহ'লহেঁতেন। ল'ৰাটোৰ ওজৰ-আপত্তিবোৰো সকলো মাৰিলেহেঁতেন। দুখৰ দিনবোৰ সুখৰ হ'লহেঁতেন। মানুহবোৰেও তাইক তেনেকৈ অন্য দৃষ্টিৰে হয়তো নাচালেহেঁতেন। উকা কপালখনৰ সুবিধা ল'বলৈ বিচৰা মানুহৰ আজি অভাৱ নাইকীয়া। মনটো তাই ডাঠ কৰি ৰাখে বাবেহে। নহ'লেতো তাইৰ আজি চলিবলৈ অসুবিধাই নহ'লহেঁতেন। বৰ সহজতে মানুহক দেখুৱাই খুব আৰামত চলিব পাৰিলেহেঁতেন তাই। কিন্তু সেইবোৰলৈ মন নকৰিলে তাই। অসৎ উপাৰ্জনেৰে সুখত কটোৱা জীৱনতকৈ সৎ উপাৰ্জনেৰে কটোৱা জীৱন অতি কষ্টকৰ হ'লেও এদিন সুখৰ হয়। সৰু হৈ থকা সময়তে এদিন মাকে কৈছিল তাইক। নাজানে তাই মাকৰ কথাবোৰ কিমান সত্য কিমান অসত্য। কিন্তু মাকৰ কথামতেই সদায় চলি আহিছে তাই। হাত দুখনেৰে কৰিছে আৰু খাইছে। দুখ-কষ্টৰ হিচাব কাহানিও নাই কৰা তাই। নাজানে তাই শেষটো কি হ'ব তাইৰ। মুঠতে সৎ পথেৰেই চলি আহিছে তাই।

        ল'ৰাটো অকণ ডাঙৰ হ'লেই তাই সকাহ পালেহেঁতেন। চিন্তাবোৰো কিছু পৰিমাণে কমি আহিলেহেঁতেন। কিমাননো আৰু তাৰ ওজৰ-আপত্তি শুনি থাকিব তাই। কেতিয়াবা এনেকুৱা লাগে তাইৰ যেন এই সংসাৰ এৰি ক'ৰবালৈ গুছি যাব তাই। কিন্তু কথাবোৰ ক'বলৈ বা ভাবিবলৈহে সহজ, কৰিবলৈ বৰ কঠিন। আৰু ল'ৰাটোক এৰিনো ক'লৈ যাব তাই। মাক এজনী হৈ ল'ৰাটোক এৰিব পাৰে জানো তাই। কি কথাবোৰ যে ভাবে তাই। মানুহে শুনিলে কি ক'ব তাইক।

        ইতিমধ্যে আহি আহি পথাৰৰ মাজ ভাগ পালেহি তাই। পথাৰৰ চাৰিওপিনে চকু ফুৰাই কেনিও তাইৰ গৰু-ছাগলীবোৰ নেদেখি পোনে পোনে ঘৰ মুৱা হ'ল তাই। ল'ৰাটোৱে আজি নিলে চাগে গৰু-ছাগলীবোৰ। যোৱাকালি তাই কৈ থোৱা কথাবোৰ ভালকৈ মনত থাকিলে চাগে তাৰ। এইবাৰ মনতো বেয়া লাগিল তাইৰ। ল'ৰাটোক যোৱাকালি তেনেকৈ পিতিব নালাগিছিল তাই। সময়ত গৰু-ছাগলীবোৰ নিনিয়াৰ বাবে বৰ বেয়াকৈ পাতিছিল তাই। দিগম্বৰ থকাহেঁতেন বৰ বেয়াকৈ ক'লেহেঁতেন তাইক। দুই-এটা চৰ চাগে তাইকো সোধালেহেঁতেন সি। ল'ৰাটোক বৰ মৰম কৰিছিল সি। নিজৰ খোৱা বস্তুৰ এভাগো তাক খুৱাইছিল সি। যদি বাৰিষা বানপানীৰ সময়ত উতি যোৱা নামঘৰৰ থাপনাখন উদ্ধাৰ কৰিবলৈ নগ'লহেঁতেন সি। হয়তো বানপানীৰ কোৱাল সোঁতত চিৰদিনলৈ উতি নগ'লহেঁতেন সি। আজি কপালখনো উকা নহ'লহেঁতেন তাইৰ। নেদেখাজনৰ কূপ দৃষ্টি এনেকৈ তাইৰ কপালতখনহে পৰিব লাগে নে ! কিনো দোষ কৰিছিল তাই।

" কে কে হুৱা...., কে কে হুৱা......।"

" কে হুৱা ...... কে হুৱা ......।"

         হঠাতে বুকুখন কঁপি উঠিল তাইৰ। হাত এখনেৰে বুকুখনত দুবাৰমান ঠপৰিয়াই ঠপৰিয়াই অকণ বুকুখন ডাঠ কৰি ল'লে তাই। এনেতে দেখিলে তাই, অকণ আঁতৰতে নোদোকা শিয়াল এটা। তাইৰ পিনেই চাই আছে সি। শিয়ালটোক দেখি ওচৰতে পৰি থকা কিবা এটা বুটলি ল'লে তাই। কিবা এটা লোৱা দেখি দৌৰ মাৰিলে সি। কিছুদুৰ যোৱাৰ পিছত আকৌ ৰৈ দিলে সি। ডিঙিটো ঘূৰাই পুনৰ তাইৰ পিনে চাই পঠিয়ালে সি। এইবাৰ তাৰ পিনে সামান্য চোঁচা ল'লে তাই। সি পুনৰ দৌৰ মাৰিলে। এনেকৈ দুই-তিনিবাৰ মান তাইৰ পিনে ঘূৰি ঘূৰি চাই চাই এটা সময়ত আঁতৰি গ'ল সি। ৰৈ নাথাকি বেগা-বেগীকৈ খোজ পেলালে তাই। ইতিমধ্যে শিয়ালৰ হুৱা দিয়া কাৰ্য্য শেষ হৈছিল হে মাত্র। এনেতে পুনৰ তাইৰ চকুত পৰিল যোৱা কেইমাহ মান আগত ৰমাকান্ত মদাহীক সৎকাৰ কৰি যোৱা সেই ভয়াৱহ ঠাইখিনি। তাত এতিয়াও দুই-এডাল বাঁহৰ কিছু কিছু অংশ নুপুৰাকৈ সিচঁৰত হৈ পৰি আছে। মানুহে কোৱা শুনিছে সন্ধিয়া হ'লেই ইয়াত এজন অচিনাকি বগা মানুহ ওলাই হেনো। কোনোৱাই লগো পাইছে হেনো। কথাও পাতিছে হেনো। মানুহজন দেখিবলৈ হেনো ৰমাকান্ত মদাহীৰ দৰেই ওখ-পাখ। সেয়ে গাঁৱখনৰ বহুতে সেইজনক ৰমাকান্তৰ আত্মা বুলিও সন্দেহ কৰিছে। কিয়নো আত্মঘাতী ৰমাকান্তৰ  আত্মাৰ মুক্তি হেনো ইমান সহজে নহয়। তাৰ আত্মাই হেনো বহুদিনলৈ গাঁওখনত ঘূৰি ফুৰিব। লগ বিচাৰি ফুৰিব।

        কথাষাৰ মনত পৰিলত তাইৰ বুকুখন পুনৰ ধপধপাই উঠিল। ৰমাকান্ত মদাহীয়ো তাইক এদিন এন্ধাৰৰ সুযোগ বুজি গবা মাৰি ধৰিছিল। কোনোৰকমহে তাই তাৰ দুবাহুৰ পৰা মুক্ত হৈছিল। সোঁহাতেৰে প্ৰচণ্ড ঘোঁচাটো যদি তাই তাৰ সেই ঠাই টুকুৰাত নিদিলেহেঁতেন হয়তো সেইদিনা তাই তাৰ হাতত ধৰ্ষিতা নিশ্চিতকৈ হ'লহেঁতেন। সেইদিনা ইমান সাহস আৰু শক্তি তাই কেনেকৈ পাইছিল গম পোৱা নাছিল মাত্র তাৰ পৰা তাই নিজক বচাবলৈ যেনেকৈয়ে নহওক চেষ্টা চলাইছিল আৰু সফল হৈছিল। নিজক সুৰক্ষিত কৰি ৰাখিছিল।

        পুনৰবাৰ বুকুত সাহস গোটাই তাই খৰখেদাকৈ সেই ঠাইখিনিৰ পৰা আঁতৰি আহিছিল। মানুহৰ মুখে মুখে শুনিবলৈ পোৱা বগা মানুহৰ কথাটোৱে খন্তেক সময়ৰ বাবে তাইক ভীতিগ্ৰস্ত কৰি তুলিছিল যদিও গোটেই দিনটো ঘৰখনত অকলশৰে থকা ল'ৰাটোৰ মৰম-চেনেহে সেই সকলোবোৰ মুহূৰ্ততে নাইকীয়া কৰি তুলিছিল আৰু তাই ঘৰ অভিমুখে ৰাওনা হৈছিল। আহোঁতে বাটত বাটৰুৱা হিচাপত দুই-এটা শিয়াল, কুকুৰ লগ পাইছিল যদিও সেইবোৰলৈ হ'লে মন কৰা নাছিল তাই, মাত্ৰ সোণতলিৰ মাজে মাজে পুৰণি শ্মসানখনৰ ঠিক কাষে কাষে দীঘল দীঘলকৈ খোজবোৰহে পেলাই গৈছিল তাই।