হেপাহঁৰ আবেলি

 

" হেপাহঁৰ আবেলি "

----------------

ঐ পখিলা শুনচোন মোৰ কথা,

নকৰিবি চোন ইমান অভিমান।

তোক বৰ ভাল পাওঁ অ'....

তোৰ জানো অন্তৰ নাই,

নে তই মোৰ প্ৰেমৰ ভাষা বুজি নাপাৱ!

তোৰ দুপাখিৰ ৰংবোৰতে লুকাই আছে মোৰ প্ৰেম।

তই অহা ছেগ বুজি মইও আহো,

আবেলি উৰি পৰিবিহি মোৰ গোলাপৰ বাগিচাত...!

কাষৰ পৰা চাম তোক....

মোৰ মনৰ কথা কম, 

চুই চাব দেচোন এবাৰ....!

তোৰ ফুটুকা ফুটুকি পাখি দুখনি।

নামাৰিবিচোন উৰা মোৰ দুহাত মেলা দেখিলে,

মইও জানো তোৰ পাখি দুখনি তেনেই কোমল।

ভয় নকৰিবি মই তোৰ পাখি চিগিব নিদো,

আলফুলে ধৰিম এটি মাথোঁ চুমা যাচিম 

নয়ন ভৰি মুকলি আকাশলৈ 

এক মৰমসনা চাৱনিৰে চাম....

মুক্তমনে দুপাখি মাৰি তই উৰি যাবি,

থমকি ৰোৱা তোৰ সপোন পূৰাবলৈ....

তেতিয়াই তোৰলৈ মোৰ হেপাঁহবোৰ দুগুনে বাঢ়িব।

------------------------------------------