পৃথিৱীত ছয় ঋতুৱে প্ৰকৃতি জগতখনক বিভিন্ন ৰূপে প্ৰভাৱ বিস্তাৰ কৰিছে আৰু পৃথিৱীত বসবাস কৰি থকা জীৱ জগতখনতো বিভিন্ন ৰূপে প্ৰভাৱান্বিত কৰি আহিছে। এই জীৱজগতৰ শ্ৰেষ্ঠ মানৱ জীৱক বিশেষ প্ৰভাৱ বিস্তাৰ কৰি অঞ্চলভেদে বিভিন্ন কলা-কৃষ্টি আৰু সংস্কৃতিৰ ৰূপ দান কৰিছে। সেই ঋতুসমূহৰ ভিতৰত বৰ্ষা ঋতুৱে জীৱজগতখনৰ ওপৰত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিছে আৰু বর্ষা ঋতুৰেই পদছায়াত সৃষ্টি হোৱা এক সংস্কৃতি সন্দৰ্ভত এক সংক্ষিপ্ত বর্ণনা দিবলৈ প্ৰচেষ্টা কৰিছে।
বর্ষা-ঋতু শাওণ মাহ অতিক্ৰম কৰি ভাদ মাহ আগমনৰ লগে লগে আদিবাসী চাহ জনগোষ্ঠীৰ জীয়াৰী-বোৱাৰী, ডেকা-বুঢ়া, বয়োবৃদ্ধ সকলো লোকৰ হৃদয়ত কম উৎসৱৰ আনন্দই কুলাই-পাচিয়ে নধৰা হয়। ক্লান্তিৰ অৱসাদে শান্তিৰ বাতাৱৰণ কঢ়িয়াই অনাৰ দৰে আদিবাসী চাহ জনগোষ্ঠী লোকৰ মাজত কৃষিকৰ্মৰ পৰিশ্ৰমৰ পৰিসমাপ্তিত আনন্দৰ এক বাতাৱৰণ সৃষ্টিৰ মূৰ্ত প্ৰকাশেই ‘কৰম উৎসৱ'। সেয়ে এই উৎসৱক কৃষি ধৰ্মীয় উৎসৱ বুলি কোৱা হয়। শস্য শ্যামলী অসম মাতৃৰ বুকুত এই উৎসৱৰ পৰম্পৰা আৰু তাৎপৰ্য চিৰ যুগমীয়া হৈ আছে আৰু অনাগত দিনতো অক্ষুণ্ণ হৈ থাকিব। এই উৎসৱৰ জৰিয়তে বৃহৎ আদিবাসী চাহ জনগোষ্ঠীৰ লোকৰ মাজত অনৈক্যৰে ঐক্য স্থাপিত হৈ বাৰেৰহণীয়া কৃষ্টিৰ সংমিশ্রিত বৃহৎ ‘অসমীয়া জাতীয়’ সংস্কৃতিত এক বিশেষ অনবদ্য সোণোৱালী ৰহণৰ সৃষ্টি কৰিছে।
শাৰদীয় ঋতুত প্রকৃতিয়ে এক বিশেষ সাজ পৰিধান কৰাৰ দৃশ্য পৰিলক্ষিত হয়। এফালে শস্য শ্যামলী পৰিৱেশ আৰু আনফালে জান-জুৰি, নদ-নদীৰ বালিচৰত কঁহুৱা বনৰ শুভ্ৰ পৰিৱেশ। এই কঁহুৱা বনৰ ফুলক চাহ জনগোষ্ঠীৰ লোকে ‘কাঁচিফুল' বুলি কয়। কাঁচিফুলৰ শুভ্রতাই প্রাকৃতিক জগতত যিভাৱে এক মৃদু পৱিত্ৰ পৰিৱেশৰ সৃষ্টি কৰিছে, ঠিক সেইদৰে চাহ জনগোষ্ঠীৰ জনজীৱনৰ চৰিত্ৰতো এক পৱিত্ৰ অনাবিল আনন্দৰ আলোড়ন কৰম উৎসৱৰ মাজেদি প্ৰকাশমান হৈছে।
আদিবাসী চাহ জনগোষ্ঠীৰ জনজীৱনত বহুতো উৎসৱ পার্বণ আদি উদ্যাপিত হোৱা দেখা যায়। তাৰ ভিতৰত হ'ল কৰম উৎসৱ, জিতিয়া উৎসৱ, চহৰাই উৎসৱ, ফাকুৱা উৎসৱ, টুচু উৎসৱ, চাৰুল উৎসৱ, বাহা উৎসৱ, উৎসৱ ইত্যাদি প্রধান। দণ্ড
কৰম উৎসৱ পৱিত্ৰ ভাদ মাহৰ শুক্ল পক্ষৰ ‘একাদশী' তিথিত উদ্যাপন কৰা হয়। অৱশ্যে একাদশী তিথিৰ ৰজনীত সাৰ্বজনীন ৰূপত ‘কৰম ৰজনী' হিচাপে উদ্যাপন কৰা হয়। কৰম উৎসৱ তিনিটা অনুষ্ঠানত বিভক্ত। যেনে জাৱা অনুষ্ঠান, কম অনুষ্ঠান আৰু গাড়াভাতা অনুষ্ঠান।
(ক) জাৱা অনুষ্ঠান ঃ জাৱা অনুষ্ঠান কৰম উৎসৱৰ উদ্বোধনী অনুষ্ঠান। কৰম পূজাৰ পূৰ্বে তিনি দিন, পাঁচ দিন বা সাতদিনৰ জাৱা ধৰা হয়। গাঁৱৰ জীয়ৰী-বোৱাৰীসকলে নদীঘাটৰ পৰা টোপাত বালি তুলি আনি ধান, বুট, মাহ, তিল, যৱ আদি শস্যৰ বীজ সিঁচি দিয়ে। নদী ঘাটৰ পৰা ‘কৰমতীসকলে ধূপ, দীপ, ফুল ফলাদিৰে নৈবেদ্য ব্যৱস্থাৰউদ্বোধনী অনুষ্ঠান। কৰম পূজাৰ পূৰ্বে তিনি দিন, পাঁচ দিন বা সাতদিনৰ জাৱা ধৰা হয়। গাঁৱৰ জীয়ৰী-বোৱাৰীসকলে নদীঘাটৰ পৰা টোপাত বালি তুলি আনি ধান, বুট, মাহ, তিল, যৱ আদি শস্যৰ বীজ সিঁচি দিয়ে। নদী ঘাটৰ পৰা ‘কৰমতীসকলে ধূপ, দীপ, ফুল ফলাদিৰে নৈবেদ্য ব্যৱস্থাৰে গীত-নৃত্যৰ মাজেদি কম দেৱতাক কাঁচ নদীৰ পৰা আদৰি অনাৰ দৰে আদৰি আনি কৰম অনুষ্ঠান উদ্যাপিত কৰিব বিচৰা ঠাইডোখৰত পৰিষ্কাৰ-পৰিছন্নত্ মাজত সংস্থাপিত কৰি নিৰ্ণয় কৰা দিনকেইটাত পুৱা-সন্ধিয়া পৰত অতি ভক্তিভাৱে কৰমতীসকলে পূজা-চনা কৰে। কৰমতীসকলে নিজৰ ভাই-ককাইৰ মাংগলিক শুভ কামনা কৰি ব্ৰত লয়। সেই কাৰণে এই উৎসৱক ‘ভাই-ভনী’ৰ উৎসৱ বুলিও কোৱা হয়। কাৰণ কৰম অনুষ্ঠানৰ ৰজনীৰ দিনা পূজা সমাপ্ত হোৱাৰ পিছত ‘কাঁহনী বুঢ়া'জনেও কৰমতীসকলক কিছুমান প্রশ্নোত্তৰ কৰে যেনে ‘কেকৰ কৰম ভাইৰ কম, কেক ধৰ্ম ভাইৰ ধৰম' ইত্যাদি ধৰণৰ প্ৰশ্নোত্তৰত এই কথা স্পষ্ট হয়। ইয়াৰউপৰি কিছুমান ঝুমইৰ গীতৰ কলিৰ মাজেদি প্রকাশিত হয়। যেনে-
‘কাঁশীফল ফুটি গেল,/ আশা ম'ৰ টুটি গেল,/ দিনে পহৰে দেখলি ডহৰ/ ভায়া মৰ নাহি আলই ঘৰ৷/ ননদিনী গো ঠুমতি চলতি নৈহৰ/ ননদিনী গো ঠুমতি চলতি নৈহৰ।। উপৰিউক্ত গীতসমূহৰ পৰা কৰম উৎসৱৰ মাজেদি ভাই- ভনীৰ মধুৰ মিলন আৰু পিতৃগৃহৰ আগমনৰ এক শুভক্ষণ।
(খ) কম অনুষ্ঠান ঃ জাৱা অনুষ্ঠানৰ অন্তত পৱিত্ৰ ভাদ মাহৰ শুক্ল একাদশী তিথিৰ ৰজনীত ‘কৰম অনুষ্ঠান’ অনুষ্ঠিত হয়। কম অনুষ্ঠান মুকলি ঠাইত কৰম ডাল পুতি এই অনুষ্ঠান আড়ম্বৰপূৰ্ণভাৱে আয়োজন ককৰা হয়। কমথলীৰ চাৰিওফালে কৰমতীসকলে ধূপ-বন্তি, ফুল- ফলাদি আৰু পিঠাপনা ইত্যাদি নৈবেদ্যৰে কৰম দেৱতাক পূজা-চনা কৰে আৰু গাঁৱৰ 'কাঁহানিবুঢ়া'ৰ মুখেদি কৰম দেৱতাৰ আখ্যান শ্ৰৱণ হোৱাৰ পিছত গাঁৱৰ জ্যেষ্ঠ ব্যক্তিসকলক সেৱা-সম্বৰ্ধনা আৰু প্ৰসাদ বিতৰণ কৰাৰ পিছত ঝুমইৰ গীতেৰে আখড়া অর্থাৎ শিবিৰ মুকলি হয়। কমথলীত ঝুমইৰ নৃত্য-গীত আৰম্ভ কৰাৰ আগতে সুৰ আৰু গীতৰ আৰাধ্য দেৱী সৰস্বতী আইৰ বন্দনা কৰি আশীৰ্বাদ কামনা কৰে।
‘আইগো মা সৰস্বতী কণ্ঠে দিয় বৰগো/ তোমাৰী চৰণে আমাৰা খেলিব ঝুমুৰগো/ আখড়া বন্দনা কৰি সৰস্বতী মাইগো/ আস সবাই মিলি খেলিব ঝুমৰি গো।/ হায়, মদন ঝুমইৰ লালগ ভাৰী/ হাতে লেলাই লাল গামচা / কান্ধে লেলাই মান্দৰী, গাঁওৰে বহু বেটী সবে লেলাই-ঘেৰী।/ হায়, মদন ঝুমইৰ লাগল ভাৰী।।
(গ) গাড়ভাতা অনুষ্ঠানঃ এই অনুষ্ঠান কৰম ৰজনী অতিক্ৰম কৰাৰ পিছত ৰাতিপুৱা যুৱক-যুৱতীসকলে কমতলীৰে পৰা কৰম ডাল তুলি নি নদীৰ কাষলৈ যায় আৰু গীতি-নৃত্যৰে আৰু ৰং-ৰহইচৰ মাজেদি পুনৰ নদীৰ বুকুত বিসর্জন দিয়া হয় আৰু কৰম দেৱতাক আগন্তুক বছৰত পুনৰ আদৰি অনা হ'ব বুলি আশীর্বাদ লয়। এই কথা ঝুমইৰ গীতৰ মাজেদি প্ৰকাশ পায় ‘আজৰে কৰম ৰাজা ঘৰে দুৱাৰে, কাইলৰে কৰম ৰাজা কাঁশ নদী পাৰে।' এই প্ৰবাদসমূহৰ পৰা অনুমান কৰিব পাৰি তাহানি কালত অযোধ্যাবাসীয়েও কম দেৱতাক পূজা কৰিছিল। কিয়নো ঝুমইৰ গীতত উল্লেখিত ‘কাঁশ নদী’ হ'ল বৰ্তমানৰ অযোধ্যা নগৰৰ মাজেদি বৈ যোৱা কুশী নদীৰ কথা কোৱা হৈছে। কৰম উৎসৱত ব্যৱহৃত হোৱা ঝুমইৰ গীতসমূহ বহুতো ভাগত বিভক্ত। যেনে বন্দনা গীত, ঝুমইৰ গীত, খেসটা
(ৰং) ভিনচেৰীয়া গীত, ডাঁড়শালীয়া গীত ইত্যাদি। গীতসমূহৰ সুৰ-ৰাগ-লয় বেলেগ বেলেগ হোৱা দেখা যায়। ঠিক সেই দৰে কৰম উৎসৱত প্ৰচলিত থকা ঝুমইৰ নৃত্যৰ অংগি-ভংগিক তাহানিৰ মহাভাৰতৰ মথুৰাবাসী গোপীগণৰ মাজত শ্ৰীকৃষ্ণই প্ৰদৰ্শন কৰা ‘ঝুমুৰা নৃত্য'ৰ লগত সম্পূৰ্ণ সাদৃশ্য দেখিবলৈ পোৱা যায়৷ ইয়াৰ উপৰি কৰম উৎসৱত প্রচলিত ঝুমইৰ গীতসমূহত ৰামায়ণ-মহাভাৰত এই দুই মহাকাব্যৰ আখ্যানসমূহৰ সম্পূৰ্ণ বিৱৰণ পোৱা যায়। ‘কম পৰৱে' কেৱল আদিবাসী চাহ জনগোষ্ঠীৰ সাংস্কৃতিক পথাৰখনকেই চহকী কৰা নাই এই উৎসৱে বৃহৎ অসমীয়া জাতীয় সংস্কৃতিৰ মেটমৰা ভঁৰালটোতো এক অনবদ্য সংযোজন কৰিছে। কৃষ্টি হৈছে এটা জাতিৰ স্বকীয় পৰিচয়। সেয়েহে ইয়াৰ প্ৰসাৰ আৰু প্ৰচাৰৰ নিতান্ত প্রয়োজন। বৰ্তমান এই উৎসৱৰ সাৰ্বজনীনতাই বিশেষ ৰূপ লৈছে। আশা কৰিব পাৰি, অনাগত দিনত এই কৰম উৎসৱৰ গৰিমাই বিশ্বৰ সাংস্কৃতিক দৰবাৰত এক বিশেষ ৰূপত জিলিক উঠিব।
Social Plugin