"ব্যস্ত মানুহৰ প্ৰেমত নপৰিব" 💔
ব্যস্ততাৰ বাবে হেৰাই যায় কিছুমান সম্পৰ্ক "এদিন তুমি এ সকলো বুলি কোৱা জনে ও প্ৰশ্ন কৰে কোন হয়" বুলি । বুকুখনত যেন হাতুৰীৰে কোব মাৰে তেতিয়া উশাহ লব ও যেন কষ্ট হয় পৰে । ব্যস্ততা আৰু অৱহেলাৰ Dictionary খন বৰ ধুনীয়াকৈ লিখে তেওঁ wahhhhh ইমানে নিখুঁত তাত যেন বিন্দু মাত্ৰ ও মোৰ ঠাই নাই । অভিমানবোৰ বাঢ়ি যায় কিন্তু তেওঁ বুজি ও একো নুবুজাৰ অভিনয় কৰি যায় । অভিমানবোৰে কৈ মই যেন মুখখন ফুলাই ৰাখিম তেওঁ আহি ফুচলাব, মৰমেৰে মোৰ অভিমান ভাঙিব কাণত ধৰি sorry কব আৰু মই সৰু ছোৱালীৰ দৰে জঁপিয়াই উঠি হাঁহিম, উফ কি যে কল্পনাৰ পৃথিৱী এখন সজাই লৈছো মই । কাৰণ বাস্তৱটো এয়াই তেওঁ কেতিয়াও নাহে মোৰ অভিমান ভাঙিবলৈ বুজি নুঠে মোৰ অকুলতাৰে ভৰা অভিমানবোৰ । বৰঞ্চ তেওঁ কয় কি হল কি নমুনা দেখুৱাই আছা কি বুলি ভাবা নিজকে তই, অভিমানবোৰ দুগুণে বাঢ়ি যায় তেওঁ বুজি নাপায় । ভাল কিন্তু তেওঁ মোকেই পাই কেৱল এই ব্যস্ততা নামৰ সতিনিজনীহে মাজত আহি সোমাই । বেছিকৈ পেনপেনাই থাকিলে আকৌ যিটো হে দম দিব ফোনৰ ইটো মূৰে চক খাই যাওঁ । বুজি নাপাওঁ কিয় তেওঁক ইমান ভালপাওঁ । কেতিয়াবা তেওঁৰ ভুলটো দেখুৱাই দিলে তেওঁ নিজৰ ভুল মানি লোৱাৰ বিপৰীতে ওলোটাই কয়, অ কৰিলো দে তাতে তোৰ কি হল তোৰ কিবা প্ৰব্লেম 😓 কাজিয়া হয় দুখ পাওঁ কিন্তু নিজে সৰু হওঁ নিজে কান্দো নিজৰ চকুপানী নিজে মুচি লওঁ নিজে অভিমান কৰোঁ নিজৰ মনটোক মাৰি নিজে ঠিক হৈ পৰো । ব্যস্ত ব্যস্ত কৈ দিনটো পাৰ হৈ যায়। অপেক্ষাৰ যেন অন্ত নপৰিবই কেতিয়াও ৰৈ থাকো মনৰ কথাবোৰ কবলৈ ৰাতিটোলৈ তাৰো যেন শেষ নাই, ৰাতি 11:00, 11:30 বাজি যায় তেওঁৰ অপেক্ষাত সকলো ব্যস্ততাৰ পৰা আজৰি হয় তেওঁ যেন কেৱল মোৰ হব মোৰ মনটোক বুজিব বুজাব মনৰ কথাবোৰ অভিমানবোৰ তেওঁক প্ৰাণখুলি কয় যাম তেওঁ শুনিব.... উহু এয়া কেৱল মোৰ কল্পনা হে, ফোন তেওঁ ঠিকে কৰে কিন্তু ফেচবুক WhatsApp দুনীয়াই ও যে তেওঁৰ বাবে ৰাতি হে অপেক্ষা কৰি থাকে । অভিমানবোৰ বাঢ়ি গৈ ঠেঁহ লাগে আৰু এটা সময়ত দুখে হেঁচি ধৰি দুচকুই দি বাগৰি আহে মোৰ সীমাহীন ভালপোৱাৰ ৰং, তেঁওজনৰ সেইবৰলৈ ভ্ৰূক্ষেপ নাই বহুত সময় নামাতি থাকিলে তেওঁ আৰু দমত হে কয় "কি হল মুখৰ মাত নাই নেকি" থকাঠুকি মাতটো কিবা কৈ উলিয়াই কওঁ "অলপটো সময় দিয়া মোক ইমানে ব্যস্ত নে তুমি মোক কিয় বুজি নোপোৱা তুমি বহুত ভালপাওঁ ও তোমাক" ভাবো মোবাইল টিপিব এৰি হয়তো মোৰ লগত অলপ কথা পাতিব কিন্তু নাই তেওঁ আৰু বুকুত কুঠাৰ বহুৱাই কয় আৰম্ভ হল তোৰ পেনপেনেনি হব দে ফোনটো ৰাখ সদায় সদায় কেৱল অশান্তি যাব ইচ্ছা আছে যা কামোৰ দি নাথাকিবি,, নিচ্ছুপ হয় ৰৈ যাওঁ দুচকুই দি অহৰহ নিগৰি আহে চকুপানী তেওঁ কয় "কি হল এতিয়া মুখৰ মাত নোহোৱা হল যে, কিনো কম উচুপি উঠো মাথো তাতো তেওঁ কয় কান্দিব লগা মই কি কৰিলো । দুখ বেছি তেতিয়া লাগে যেতিয়া তেওঁ কয় " মই চব কাম বন বাদ দিম ৰাতিপুৱাই ফোনটো লগাই তোৰ লগতে কথা পাতি থাকিম কি ইমান কথা থাকে তোৰ ক চোন এতিয়া 😔 ইমানৰ পিছটো তেওঁক এ বিচাৰো মনৰ মাজত তেওঁ মোৰ কেৱল মোৰ আৰু মই তেওঁৰ নামতে নিজকে সমৰ্পণ কৰিছো এতিয়ানো কেনেকৈ তেওঁক এৰি যাওঁ কেনেকৈ তেওঁৰ ঠাই বেলেগক দিও । কেতিয়াবা কয় মই এইবোৰ কাৰ বাবে কৰি আছো আমাৰ বাবে কৰিছো আমাৰ ভৱিষ্যতৰ বাবে কৰিছো তই এ যদি বুজি নোপোৱা মোক কোনে বুজিব । খং উঠে তেতিয়া নিজৰ ওপৰত কিয়নো খং কৰি থাকো তেওঁক । হয়তো জীৱনত পোৱা ঘাট প্ৰতিঘাটবোৰৰ বাবে নিজৰ লক্ষ আগত ৰাখি তেওঁ নিজকে ইমানেই ব্যস্ত কৰি ৰাখে যে কেতিয়াবা নিজে খাবলৈ ও পাহৰি যায় । বুজি পাওঁ মই তথাপিও এই অভিমানী মনটোক বুজাও কেনেকৈ ই যে প্ৰতিপল তেওঁকে কাষত বিচাৰে । যিমানে খং নকৰক কিয় জীবন বাটত উজুটি খাই পৰিব বিচাৰিলে তেওঁৰ হাতখনে আগতে আহি ধৰে । মৰমবোৰ দেখুৱাই দিব নাজানে তেওঁ অভিমান নিজেও নকৰে ভাঙিব ও নাজানে । আন কোনোবাৰ লগত মোক চাবও নোৱাৰে, কোনোবাৰ প্ৰশংসা বেছিকৈ কৰিলে হয়তো মনে মনে জ্বলে বেছি একো নকয় কেৱল কয়, যা তাৰ লগতে মোক কিয় শুনাই আছা এনে ও 10তাৰ লগত থকা মানুহ মোক নালাগে যি মোৰ সেইটো কেৱল মোৰ এ মই সময় দিও নিদিওঁ যেনেকুৱা পৰিস্থিতি এ নহওক কিয় তাই মোক কেতিয়াও এৰি নাযায় জুনে মোক সচাকৈ ভাল পাই । কিনো কম আৰু মুখৰ মাত এ নোহোৱা কৰি পেলাই । এই যে কথা এষাৰ আছে Intezar ka fal meetha hota hai মই সেই মিঠা খিনি লৈ অপেক্ষৰতো । কেৱল ভয় তেওঁৰ ব্যস্ততাৰ মাজত কেতিয়াবা মই জনী হেৰাই যাম বুলি 😔
Social Plugin