বিয়লি মলয়া জাকে মনটোৰ আপ্লুত কৰি তুলিছে আকাশ। তুমি ইমান ব্যস্ততাৰ মাজতো অলপ সময় মোৰ লগত অতিবাহিত কৰা ইয়াতকৈ মোক আৰু একো নালাগে। সুদৰ্শনা ব্যস্ততাৰ মাজতো প্ৰিয়জনক সময়কণ দিয়াতে মই সুখী। অফিচৰ ব্যস্ততাবোৰে মোক বৰ জুৰুলা কৰি তুলে। সেই সময়বোৰক আওকাণ কৰি তোমাৰ লগত সময় পাৰ কৰালে মোৰ মনটো ভাল লাগে। তোমাৰ মুখৰ শব্দবোৰে মোক সাহস জন্মায় ।
সকলো বাদ দিয়া সুদৰ্শনা চকুৰ যোৰ মুদি দিয়া ছোন। তোমালৈ সৰু উপহাৰ এপদ আনিছোঁ।...... এতিয়া তুমি চকুযোৰ মেলি দিয়া...... । উৎকণ্ঠিত হৈ সুদৰ্শনাই চকুযোৰ মেলি চলচলীয়া হৈ পৰে।
সুদৰ্শনা আজি ৰৌজ দে। সেইবাবে তোমালৈ এয়াৰ মোৰ সৰু উপহাৰ। আকাশ,,, তোমাৰ এই সৰু সৰু সুখবোৰে মোৰ চকুৰ যোৰ চলচলীয়া কৰি তোলে। আকাশ এই সেউজীয়া বোৰত কি দেখিছা? এই আবেলি বেলাত সেউজীয়াবোৰে আমাৰ প্ৰেমৰ সুবাস কঢ়িয়াই সৌৰভ বিলাইছে চোৱা। ইয়াৰ মলয়া জাকে হৃদয়খন শান্ত কৰি তুলিছে। এই পৰিৱেশৰ মাদকতাই মোক হেঁপাহৰ বৰশী বোৱাইছে। আকাশ,,, মই তোমাৰ পৰা একো নিবিচাৰোঁ কেৱল তুমি মোক ব্যস্ততাবোৰৰ মাজতো অলপ সময় দিবা। তাতে মই সুখী।। আচলতে সুখ-দুখ, আশা-নিৰাশা, কাম-কাজ, প্ৰেম-বিৰহ এইবিলাক বিশেষ এটা সামাজিক আৱেষ্টনী লৈহে সৃষ্টি হয়। তোমাৰ এই সহজ সৰল ৰীতিয়ে মোৰ জীৱনৰ সৌন্দৰ্য্য - চেতনা, আশা-আকাংক্ষা আৰু প্ৰাণময়তা ধৰি ৰাখে । ইয়াতকৈ আৰু মোক একো নালাগে আকাশ।
Social Plugin