আছে জানো সঁচাকৈ কিবা এনে প্ৰেমৰ দিৱস
তুমি মোক, মই তোমাক ভালপাবলৈ হয় জানো
আছে জানো সঁচাকৈ কিবা এনে প্ৰেমৰ দিৱস?
তুমি মোক, মই তোমাক ভালপাবলৈ হয় জানো
সঁচাকৈয়ে কিবা দিৱসৰ প্ৰয়োজন?
মই চোন তেনে কোনো দিৱসৰ বিষয়ে নাজানো
ভেলেন্তাইন দে,,,! ই কি প্ৰেমৰ দিৱস,,,?
ভালপোৱা অকল মাথো এই দিনটোতে হয়,,,!
মইটো নাভাবো,তোমাক ভাল পাবলৈ
নিৰ্দিষ্ট কিবা দিৱসৰ প্ৰয়োজন হয় বুলি।
তোমাক ভালপাওঁ বুকু ভৰি, সঁচা আবেগেৰে
তুমি বুজিলেও, নুবুজিলেও, তুমি জানিলেও,নাজানিলেও মোৰ ভালপোৱা একেই
একেই থাকিব আজিৰ দৰেই আজীৱন।
যেতিয়া দুখন হৃদয়ৰ মিলন হয় তেতিয়া প্ৰতিটো
দিনেই প্ৰেমৰ হয়।
কিনো আছে এই প্ৰেমৰ দিৱসত,,, যদিয়ে নাথাকে
মৰম, বিশ্বাস ভালপোৱাৰ মাজত।
তুমি মোক বুজা, মই তোমাক বুজিম ইয়াতকৈনো
আৰু কি লাগে প্ৰতিশ্ৰুতি দিবলৈ বিশেষ দিন।
সম্পৰ্কটো মিঠা হোৱাৰ প্ৰয়োজন
চকলেট উপহাৰ দিলে জানো সম্পৰ্ক মিঠা হয়?
সময় দিয়াচোন অকণ,মৰম দিয়া অকণ লাহে
লাহে লাহে নজনাকৈয়ে মিঠা হৈ পৰিব সম্পৰ্ক। নালাগে সঁচাকৈ মোক বিশেষ দিন তোমাক ভালপাবলৈ,
তুমি থকা মানেই প্ৰতিটো দিনেই হৈ পৰে বিশেষ।
Social Plugin