ঘৰমুৱা আবেলি

 🌄 *ঘৰমুৱা আবেলি* 🌄

                            

                                                          

পথাৰৰ ঘৰমুৱা আবেলি

মোৰ চকুত স্তব্ধতাৰ আউসীৰ হেঙুলি

চল পালে উদগীৰণ হ'ব খোজে

অন্ধকাৰৰ মোৰ জ্বলন্ত সত্যৰ লাভা ।


কাৰ গৰজ পৰে?

ইমান তললৈ নামি যাবলে'

আত্ম সন্মান সানি কৰি

বিশেষজনৰ এষাৰি মাত পাবলে'...!


অন্ততঃ মই মৰিছোঁ....

সপোনক কবৰ দিয়া দায়ী মই হৈছোঁ।


সেই সপোন জানো মৰে!

যাৰ চোতালৰ আগত

মৃত মাতৃৰ শ'ৰ বস্ত্ৰ কঁপে...

তুলসীৰ বতাহত

ক্লান্ত দেহা চেঁচা পৰে....।


এয়া ঘৰমুৱা আবেলি,

মোৰ কিবা হ'লে

মোৰ তেজত শুনো আইৰ উচুপনি .....।