অকলশৰীয়া হোৱা বা মানুহে আগৰ দৰে আমনি নকৰা হোৱা , এটাই কাৰণ সেই কাৰণ আমি নিজে নিজে চপাই লওঁ । গমেই নাপাওঁ যে আমাৰ পৰা এজন এজনকৈ সকলো বন্ধু বান্ধৱী কেতিয়ানো আঁতৰি যায় ।
এই ধৰক আপুনি বন্ধু বান্ধৱী এজন লগ পালে অনবৰতে দুখৰ কথা কৈ বা জোখতকৈ বহুত বেছি কথা কৈ থাকে । তেতিয়া সেই বন্ধুজন বা বান্ধৱীজনীয়ে এদিন সহ্যকৰিব বা দুদিন সহ্য কৰিব । তাৰ পাছত আপোনাক দেখিলে সেই স্থানৰ পৰা আঁতৰি যাব নিজৰ বিশেষ কাম দেখাই । তেতিয়া আমি কি কওঁ তাৰ বা তাই লেবেল হ'ল আজি কালি মাত এটাও দিব নোৱাৰে ।
আমি কিন্তু কেতিয়াও নিজক নুসুধো কেতিয়াও তেওঁক প্ৰশ্ন নকৰো কিয়নো মোক নামাতা কিবা পালানে বুলি ?
আচলতে কি জানে আমি নিজৰ লগত কথা পাতিব নাজানো বাবে , নিজৰ ভুলটো নিজেই বিছাৰি নাপাওঁ বাবে এটা সময়ত অকলশৰীয়া অনুভৱ কৰোঁ ।
আৰু এটা কথা আপুনি লক্ষ্য কৰিছে নাই নাজানো মই হ'লে মন কৰিছোঁ , তেওঁ নুসুধাকৈ যদি বেলেগৰ ঘৰৰ কথা নিজৰ ল'ৰা বা ছোৱালীজনী কথা কৈ থাকে । আমাৰ লৰাই আমুক কৰে আমাৰ ছোৱালীয়ে আমুক কৰে বুলি । তেতিয়াও কিন্তু মানুহে লগ এৰা দিয়ে ।এটা সময় আহি পৰিব , আমি তেওঁক যিমান যি ভাল কথা কলেও অলপো গুৰুত্ব নিদিয়ে ।
পৰিস্থিতি বুজি সকলোৱে সৈতে মিলি দুই এষাৰ মাত লগাই ক্ষন্তেকীয়া জীৱন টো আগুৱাই নিব লাগে । আনৰ বেয়া বোৰ আলোচনা নকৰি নিজে কৰা ভুলবোৰ শুধৰাই ল'লে আমি কাহানিও অকলশৰীয়া অনুভৱ কৰিব লগীয়া নহয় বুলি মই ভাবোঁ।
.........🙏 শুভসন্ধিয়া🙏
Social Plugin