কন্যা শিশুটি ভালে আছে-

#কন্যা শিশুটি ভালে আছে- অবৈধ প্ৰক্ৰিয়াৰে শিশু এটিক দত্তক গ্ৰহণ(Illegal Adoption) কৰা সন্দৰ্ভত লাভ কৰা তথ্যৰ ভিত্তিত ডিব্ৰুগড় জিলা শিশু সুৰক্ষা বিভাগে তৎপৰতাৰে তিনিচুকীয়া চাইল্ড লাইনৰ সহযোগত লিডুৰ পৰা কন্যা শিশুটি উদ্ধাৰ নকৰা হ’লে হয়তু বিষয়টোৰ গুৰি খুচৰি কোনোৱে হৈ-চৈ কৰাৰ সুযোগ আৰু সুবিধা নাপালে হয়৷ ব্ৰক্ষ্মপুত্ৰ নামৰ ডিব্ৰুগড়ৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খনত এগৰাকী নবালিকাই ২৩ জুন ২০২৫ ত চিজাৰীয়ান পদ্ধতিৰে জন্ম দিয়া কন্যা শিশুটি বৰ্তমান ডিব্ৰুগড় শিশু কল্যাণ সমিতিৰ তত্বাৱধানত কুশলে-মংগলে আছে বুলি জনা গৈছে৷ কিন্তু নৱজাতকটিৰ জন্মৰ আঁৰৰ জঘন্য কাহিনী,গোপন অভিসন্ধিৰে শিশুটিক মাকৰ কোলাৰ পৰা নিলগাই পেলোৱাৰ আঁৰৰ মানুহমখাই নিজকে বচোৱাৰ বাবে সম্প্ৰতি চালে-বেৰে কোবোৱা কথাৰে জগৰ নিলগাব বিচাৰিছে৷ #মৌন ওঁঠ, সফল অস্ত্ৰোপচাৰৰ গোপনীয়তা- ডিমৌৰ কাছমাৰী অঞ্চলৰ এক চাহ জনগোষ্ঠীয় পৰিয়ালৰ ষোল বছৰীয়া কিশোৰীগৰাকী অন্ত-সত্বা হোৱাৰে পৰা সন্তান জন্ম দিয়াৰো বহুকেইটা দিনৰ পিছতহে পোহৰলৈ আহিল কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলোৱা বিবাহিত ভাৰত মুণ্ডাৰ নাম৷ শিশু সুৰক্ষাৰ ক্ষেত্ৰত প্ৰণয়ন কৰা অতিকে কঠোৰ Pocso আইন সন্দৰ্ভত চৰকাৰী জনমুখী কাম-কাজত নিয়োজিত হৈ থকা প্ৰতিনিধিসকল অজ্ঞ বুলি ভবাটো উচিত নহয়৷ কিন্তু বিপৰীত দৃশ্য দেখা গ’ল কাছমাৰী জংঘলবস্তিৰ কিশোৰীগৰাকীক ন্যায় প্ৰদানৰ ক্ষেত্ৰত৷ অন্ত-সত্বা কিশোৰীগৰাকীৰ পিতৃ-মাতৃয়ে মৌনতা অৱলম্বন কৰাৰ দৰে গভৱৰ্তী অৱস্থাত মাতৃক যতন লোৱাৰ দায়িত্বত নিয়োজিত স্থানীয় আশা কৰ্মীও আছিল মৌন৷ আশা কৰ্মীৰ দৰে বিষয়টো নজনাকৈ আছিল নে স্থানীয় গাঁও প্ৰধানজনে? তেন্তে কিশোৰীগৰাকীক চৰকাৰী চিকিৎসা কেন্দ্ৰৰ পৰিবৰ্তে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ নি স্বাস্থ্য পৰীক্ষা কৰোৱাৰ বাবে পৰিয়ালটোক পৰামৰ্শ দি আহিছিল কোনে? ইফালে কিশোৰীগৰাকীয়ে ডিব্ৰুগড়ৰ ব্ৰক্ষ্মপুত্ৰ নাচিং হোমত সন্তান প্ৰসৱ কৰা আৰু নৱজাতক কন্যাটি ডিব্ৰুগড় শিশু সুৰক্ষা বিভাগে লিডুৰ এক দম্পতীৰ পৰা উদ্ধাৰ কৰা বিষয়ত আৰক্ষীৰ তদন্তৰ আৰম্ভণিতে অ’তদিনে নিজ এলেকাত যৌন নিৰ্যাতনৰ বলি হৈ সন্তান জন্ম দিয়া কিশোৰীগৰাকী বিষয়ে অন্ধকাৰৰত থকা গাওঁ প্ৰধানজনে মৰাণ আৰক্ষীক দাখিল কৰে এজাহাৰ। গোচৰ পঞ্জীয়নৰ পিছত সক্ৰিয়তা দেখা গ'ল আশাকৰ্মীৰো। অথচ এগৰাকী আশাকৰ্মীয়ে কিশোৰীগৰাকীৰ প্ৰসৱজনিত অস্ত্ৰোপচাৰৰ দিনা ডিব্ৰুগড়ৰ ব্যক্তিগত নাচিং হোমখনলৈও গৈছিল।ডিব্ৰুগড়ৰ ব্যক্তিগত খণ্ডৰ ব্ৰক্ষ্মপুত্ৰ চিকিৎসালয়ে বিষয়টো সন্দৰ্ভত চাফাই গাইছে৷ চিকিৎসালয়খনৰ অভিজ্ঞ চিকিৎসকে কিশোৰীগৰাকী আৰু গৰ্ভস্থ সন্তানটিৰ প্ৰাণ ৰক্ষাৰ স্বাৰ্থতে অস্ত্ৰোপচাৰ কৰা বুলি কয়৷ ষোল বছৰীয়া কিশোৰীগৰাকীৰ বয়স ধৰিব নোৱাৰা বুলি কোৱা অভিজ্ঞ চিকিৎসকজনৰ উপৰি কতৃপক্ষই জন্ম হোৱা শিশুটিৰ জন্মৰ পঞ্জীয়ন কৰা বুলিও কৈছে৷ মাতৃ-কন্যাৰ প্ৰাণ বচাই নিজ ধৰ্ম পালন কৰা ব্ৰক্ষ্মপুত্ৰ নাচিং হোমৰ চিকিৎসক বা কতৃপক্ষই চিকিৎসালয়ৰ পৰাই নৱজাতক কন্যাটিক লিডুৰ এক দম্পতীয়ে লৈ যোৱাটো জানে যদিও সমস্ত বিষয়টো গাপ দি বিলৰ হিচাপ-নিকাচ কৰি দায়িত্ব সামৰিছিল৷ #সন্তান দত্তক গ্ৰহণৰ বাবে যোগাযোগ - শিশু এটি দত্তক গ্ৰহণৰ বাবে CENTRAL ADOPTION RESOURCE AUTHORITY চমুকৈ CARA ৰ জৰিয়তে আবেদন কাৰি বিভাগীয় নীতি-নিৰ্দেশনাৰ মাজৰে এক দীঘলীয়া সময়সীমা অতিক্ৰম কৰিবলগীয়া হয় আবেদনকাৰীয়ে৷ কাছমাৰীৰ কিশোৰীগৰাকীয়ে ব্ৰক্ষ্মপুত্ৰ নাচিং হোমত জন্ম দিয়া শিশুটি চৰকাৰী সমস্ত নীতি-নিৰ্দেশনা উলংঘা কৰি দত্তক গ্ৰহণ কৰিব খুজিছিল লিডুৰ পৰিয়ালটিয়ে৷ কিন্তু লিডুৰ পৰিয়ালটোক কাছমাৰীৰ কিশোৰীগৰাকীৰ পৰিয়ালৰ সৈতে যোগসূত্ৰ কোনে আনি দিছিল? ব্যক্তিগত এখন নামী-দামী চিকিৎসালয়ত কাছমাৰীৰ যৌন নিৰ্যাতিতা কন্যাক ন্যায় প্ৰদানৰ বাবে মাত মাতিবলৈ সাহ নকৰা পৰিয়াল এটাই ব্যয় বহুল অস্ত্ৰোপচাৰৰ বাবে ভৰ্তি কৰাৰ ৰহস্য নিশ্চয় থাকিব। #তদন্তৰ আওতাত ছ'জনকৈ ডাক্তৰ - চিকিৎসকে নিজৰ ধৰ্ম পালন কৰোতে চৰকাৰীভাৱে নিৰ্ধাৰণ কৰা নীতি আৰু নিষেধাজ্ঞাসমূহ কেতিয়াবা পাহৰি যায় নেকি? কোনো কোনোৱে আকৌ নিষেধাজ্ঞাবোৰক কেৰেপেই নকৰে৷ সেয়ে কিশোৰী কালতে প্ৰসৱ যান্ত্ৰনা ভুগিবলগীয়া হোৱা কাছমাৰীৰ দশম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰা আৰু অস্ত্ৰোপচাৰ সম্পন্ন কৰা চিকিৎসকসকলে আইন উলংঘন কৰাটো প্ৰথমে পাহৰি আৰু পিছলৈ গাপ দি ৰাখি সংঘটিত কৰিলে গুৰুতৰ অপৰাধ৷ মানৱ সেৱাৰে মহীয়ান এচাম চিকিৎসকে যদিহে নিজৰ কৃতকৰ্ম গাপ দি ৰাখে তেতিয়ানো ৰোগী আৰু সমাজে ক’ত ন্যায় পাব৷ ২০ জুলাইৰ দিনা ছ’জনকৈ চিকিৎসক(সংখ্যা বৃদ্ধিৰ সম্ভাৱনা আছে)ক মৰাণ থানাত আৰক্ষীয়ে জেৰা কৰিবলগীয়া হোৱাটোৱে ৰাইজৰ মাজত বহু প্ৰশ্নৰ উদ্বেগ ঘটাইছে৷ #নামৰ তালিকা দীঘলীয়া- দেশত শিশুৰ অধিকাৰ আৰু সুৰক্ষাৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰাৰ লগতে শিশুৰ স্বাৰ্থত কাম কৰা স্বেচ্ছাসেৱী অনুষ্ঠানৰ অভাৱ নাই৷ কিন্তু তৃণমূল পৰ্যায়ত চৰকাৰী আঁচনি, আইনৰ সজাগতাৰ হকে কাম কৰিবলৈ নিয়োগ কৰাসকলৰ দায়িত্ব আৰু কৰ্তব্য পালনৰ নমুনা ডিমৌৰ কাছমাৰীৰ কিশোৰীগৰাকীৰ ক্ষেত্ৰত স্পষ্ট হৈ উঠিছে৷ জগৰীয়া কোন বুলিবলৈ এতিয়া নামৰ তালিকা দীঘলীয়া৷ দীঘলীয়া বাবেই তালিকাৰ নাম প্ৰকাশ কৰি সকলোকে জগৰীয়া কৰাটো উচিত নহয় বুলিয়ে ভাবো। The Protection of Children from Sexual Offences (POCSO) Act, 2012,The Juvenile Justice (Care and Protection of Children) Act, 2015 দৰে আইনে কাছমাৰীৰ কিশোৰীগৰাকী আৰু সন্তানটিক ন্যায় আৰু সুৰক্ষা দিব লাগিব৷ অন্যফালে দীঘল তালিকাখনৰ পৰা আইনক ভেঙুচালি কৰি অজ্ঞতাৰ অভিনয় কৰি সাৰিব খোজা সকলক আইনৰ সোৱাদ দিয়াৰ গধুৰ দায়িত্ব ঘটনাৰ তদন্তকাৰী মৰাণ আৰক্ষীৰ৷।