তেওঁ তোমাক হাঁহিবলৈ শিকালে, বিশ্বাসৰ তুলাচালনীত তোমাক ওজন নকৰি দান দিলে সৰ্বচ্চ...কাৰণ তুমি আপোন আছিলা এদিন, বিনিময়ত তেওঁক তুমি কি দিলা!
প্ৰতাৰণা ,হেলাৰঙে নানা অজুহাত দেখুৱাই তেওঁৰ পৰা আতঁৰি গলা,মৌন হৈ তেওঁ মাথো উচুপি কান্দিছিল,তোমাক কাষত থাকিবলৈ ভৰিত পৰিছিল,তুমি তেওঁৰ কোনো কথায়েই নুশুনিলা।
সেইদিনা তেওঁৰ দুখত চকুলো টুকিবলৈ তেওঁৰ কাষত কোনোৱেই নাছিল,আন্ধাৰৰ বাবে গাৰ ছাঁটোৱেও লগ এৰা দিছিল।
অতুলনীয়, অবিশ্বাসীয়,এদিন তুমি তেওঁৰ হাত ধৰিয়েই কৈছিলা,তোমাৰ অবিহনে মই থাকিব নোৱাৰোঁ,তোমাক নেদেখিলে মোৰ মনটো ভাল নালাগে..আৰু ইটো সিটো বহুতো।
তোমাৰ ভাল লগাবোৰ তেওঁৰ ভাল লাগিছিল,যদিও তেওঁ অপ্ৰিয় আছিল সেই বোৰ ,এইধৰা পাবলো পিকাচুৰ ছবি,নেৰুদা ৰবীন্দ্ৰনাথৰ অলকানন্দা,তুমি আছিলা বাবেই প্ৰেমময় আছিল জীৱনটো...
এতিয়া অজুহাতৰ আচল ধৰি গুচি গলা তেওঁৰ পৰা , তেওঁ ৰৈ থাকিল স্থবিৰ হৈ নিজৰ ঠাইতে
নৈয়ে এৰা সূঁতি হৈ ,বুকুত গধুৰ এটা শিল লৈ।
তুমি যোৱাৰ কথা নাছিল তেওঁৰ পৰা, তথাপিও গলাগৈ,প্ৰেমত পৰোতে মা দেউতা বা দাদাৰ অনুমতি লৈ ল'ব পাৰিলা হয়,এতিয়া মা দেউতায়ে নামানে এইবোৰ অজুহাতৰ আঁৰ তুমি সুখী হোৱাৰ এটা সপোন দেখিছা গোপনে, হয়তো ধনেৰে সুখী হবা পিছে কিমান টকাৰে কিনিব তোমাৰ হৃদয়??
অনুৰণ এতিয়া তেওঁৰ পৰা তোমালৈ বহুদূৰ,তুমি এৰি যোৱাৰ দিনায়েই তোমাৰ হুমৰ জুই সতে তেওঁৰ চিতাৰ জুইও জ্বলিলে।
সেই জুইকুৰাত লিখা আছিল সপোন সমাধি।
(কল্পনীয়)
Social Plugin