❤প্ৰেম হেনো হৃদয়ৰ উৎসৱ💕💕-----.,
হৰ্থাৎ এটা Msg আহে Hlw....
সেইদিনা আছিল ২০২১ চনৰ ৩১ জানুৱাৰী।সময় পুৱা প্ৰায় ৯মান বাজিছে।তাই টোপনিৰ পৰা সাৰ পায়ে তাইৰ মোবাইল Data টো অন কৰি ফেচবুকট অনলাইন আহি ইটো সিটো চাই আছিল।এনেতে Hlwবুলি এটা তাইৰ ফেচবুকটোৰ Massangerত মেছেজ সোমাই।তাই মেছেজটো কোনে দিছে চালে।এজন ল'ৰাই তাইলৈ ৩০জানুৱাৰীত মেছেজ কৰিছিল।তেওঁৰ নাম আছিল ৰিছাং..।তাই মেছেজটো পঢ়িলৈ ল'ৰাজন কোন হয়,তাই কিজানি তেওঁক চিনি পাই এ তাক জানিবলৈ ল'ৰাজনৰ প্ৰ'ফাইল খন চাওঁতেই তাইৰ আকৌ হাত খন তেতিয়া Vedio Call ৰ Symbolটোত এ লাগি গ'ল।তাই ভয়ত যেনেতেনে Callটো কাটে।তেতিয়াই ৰিছাং এ তাইলৈ আকৌ মেছেজ কৰি কয় "Vedio call কৰিলা যে"...তাই ভয়তে তাইৰ মোবাইলৰ Dataটো অফ কৰি থৈ দিয়ে আৰু শুৱাৰ পৰা উঠি নিজৰ কামত লাগে।তাই ভাত পানী খাই আকৌ তাইৰ মোবাইলটোৰ Dataঅন কৰি ৰিছাংৰ মেছেজটোৰ ৰিপ্লাই দিবলৈ লয় যে তাই কৰো বুলি তালৈ Vedio Callকৰা নাই।তাই ৰিছাংলৈ কেতিয়াও মেছেজৰ ৰিপ্লাই দিম বুলি ভৱাই নাছিল।কিন্তু এতিয়া যে নিদি নোৱাৰি।তাই ভয়ত কম্পমান হৈ ৰিপ্লাইটো দিও নিদিও কৈ "Sorry"বুলি কয় আৰু তাই ৰিছাংক কয় যে "মেছেজটো Seen কৰোতে হাত খন লাগিহে Vedio Call হৈ গৈছিল।"...তাই ভয়ে ভয়ে মেছেজটো দিলে হয়,যদি ৰিছাং এ তাই কোৱা কথাবোৰ মানি নলয় আৰু তাইক যদি বহুত কিবা কিবি কয় বা তাইক যদি গালি পাৰে কি হ'ব..?সকলো মানুহটো একেই নহয়!!..এনেবোৰ ভাৱি থাকোতেই ৰিছাংৰ পৰা আকৌ এটা মেছেজ আহে "Accha "বুলি আৰু সি তাইক সুধে "তোমাৰ ঘৰ"..?তাই আকৌ ভয়ে ভয়ে মেছেজটো পঢ়ি দেখে যে বেয়াকৈ সি তাইক একো কোৱা নাই।তাইৰ মনটো তেতিয়াহে অলপ পাতল যেন লাগে।তাই ৰিছাংক পুনৰ বেয়া নাপাবলৈ কয়।তেনেকৈয়ে তাক তাইৰ পৰিচয় দিয়ে।সিহঁতৰ মাজত তেনেকৈয়ে কথা বতৰা আৰম্ভ হ'ল।তাই ও ৰিছাংক তাৰ পৰিচয়টো দিবলৈ কয়।সিও তাইক তাৰ পৰিচয় দিয়ে।তাইক তাৰ পৰিচয় দিয়াৰ পাছতে তাই গম পালে যে ৰিছাং তাইৰ ঘৰৰ ওচৰৰে।কিন্তু সেইদিনালৈকে তাই তাক দেখা পোৱা নাই।.
কথাবতৰাৰ মাজতে ৰিছাং এ তাইক সুধিছিল "তুমি কি ছোৱালী হয়??মানে তোমাৰ Cast কি হয়"..??তাৰ কথা শুনি তাইৰ মনে মনে হাঁহি উঠিছিল কাৰণ সেইকথা যে তাইক এদিন ল'গ পোৱা প্ৰায় সংখ্যক মানুহেই সুধে।তাইৰ নাম আছিল শ্ৰীবন্যা শেনচোৱা।তাইৰ সেই শেনচোৱা উপাধিটো যে কিছু সংখ্যকৰ বাবে এটা অসাধাৰণ উপাধি হৈ পৰিছিল আৰু ৰিছাংৰ বাবেও ঠিক তেনেকুৱাই আছিল।সিহঁতৰ অঞ্চলটো শেনছোৱা উপাধিৰ মানুই হয়টো শিবন্যাহতেই আছিল।তাই ৰিছাংৰ প্ৰশ্নৰ উত্তৰত ধেমালিতে কয় যে তাই এজনী মুছলীম ছোৱালী বুলি।তাইৰ কথা শুনি সিও হাঁহি মৰা Emoji এটা দি কয় হয় নেকি..?সি তাইৰ কথা বিশ্বাস কৰা নাছিল কাৰণ সি বুলে উপাধিটো ক'ৰবাত শুনিছে আগতে আৰু কৈছে সিহঁতৰ ঘৰৰ ওচৰত বুলে শেনচোৱা নামৰ গাঁও এখনো আছে।কিন্তু তাত শেনচোৱা উপাধিৰ কোনো মানুহেই নাই।তেতিয়া তাৰ কথা শুনি শিবন্যাই আকৌ তাক কয় যে তাই সেইবোৰ নাযানে মুঠৰ ওপৰত তাই মুছলীমেই হয়।শিবন্যাৰ কথা শুনি ৰিছাং এ নিজৰ ওপৰতেই বিশ্বাস হেৰাই যোৱা যেন অনুভৱ কৰি তাৰ মাকক শুধেগৈ যে সঁচাকৈয়ে শেনচোৱা উপাধিৰ মানুহবোৰ মুছলীমেই নেকি..??তাৰ অলপ পাছতেই ৰিছাং এ শিবন্যালৈ পুনৰ হাঁহি মৰা Emoji এটা দি মেছেজ কৰি কয় যে তুমি মোক লৈছা ন..?? তাই কয় সঁচাই মই মুছলীমেই হয় অ'..।সি তাইক কয় হ'ব আৰু ফাকি ক'ব নালাগে দিয়া মই সকলো গ'ম পালো মায়ে কৈছে শেনচোৱা মানুহবোৰ আহোমেই হয়,আৰু তোমাৰ প্ৰফাইল মই Check কৰিছিলো তোমাৰ ফটো বিলাকো মুছলীমৰ দৰে নহয়।So তুমি আহোম ছোৱালীয়েই হয়।।তাই ও তাক আৰু ফাকি কথা ক'ব নিবিচাৰিলে তাই ও ৰিছাংৰ কথা মানি ল'লে আৰু সঁচা কথাটো ক'লে যে হয় তাই আহোম ছোৱালীয়েই হয়।কথাটো শুনি সিও কয় সিও আহোম বুলি। তেনেকৈয়ে মেছেজত সিহঁতি ধেমেলিয়া কথা বতৰাৰে বহুত সময় কথা পাতিলে।তেনেকৈয়ে দুয়োয়ে সময় উলিয়াই কথা পাতে আৰু যদিও ৰিছাং ,শিবন্যাতকৈ অলপ ডাঙৰ তথাপিও খোব কম সময়ৰ ভিতৰতে দুয়ো এটা ভাল বন্ধুত্বৰ বান্ধত বান্ধ খাই পৰিল।এদিন ৰিছাং এ শিবন্যালৈ তাইৰ অনুমতিত ফেচবুকতে Call কৰিছিল।দুয়োয়ে কথা বতৰা পাতি থাকোতেই সি তাইক Indirectly তাইৰ মোবাইল নম্বৰটো খুজিছিল কিন্তু শিবন্যাই কথাটো বুজিব পৰা নাছিল বাবে নম্বৰটো নিদিলে আৰু সিও আকৌ তাইক নম্বৰটো নিবিচাৰিলে।তেনেকেই কথা বতৰা হৈ থাকিল দুয়োৰে মাজত।এদিন আকৌ ৰিছাং এ তাইক ক'লে কিমান আৰু এনেকৈ অনলাইনত কথা পাতিবা তোমাৰ মোবাইল নম্বৰটোকে দিয়া Direct Call কৰিম কেতিয়াবা।শিবন্যাই হাঁহি এটা মাৰি ক'লে যে আপোনাৰ নম্বৰটোকে দিয়ক মই সময় উলিয়াই মেছেজ বা Callএটা কৰিম।ৰিছাং এ তাইৰ কথাত মান্তি হৈ তাইক তাৰ মোবাইল নম্বৰটো দিয়ে।তেনেকৈয়ে আগৰ দৰেই সিহঁতি ফেচবুকতে কথা পাতি আছিল,ৰিছাং এ শিবন্যালৈ মেছেজ দি কয় যে Call কৰাৰ কথা আছিল নহয় নকৰিলা..??তাই কথাটো সঁচাকৈয়ে পাহৰি গৈছিল আৰু তাক ক'লে অলপ পাছত মেছেজ দি আছো।তাইৰ ৰিছাংৰ সেই ভাল লগা ধেমেলিয়া কথা বোৰ শুনি তাই তাক বিশ্বাস কৰিবলৈ লৈছিল আৰু সেই বিশ্বাসতেই তাই তাইৰ Whatsapp নম্বৰটোৰ পৰা প্ৰথম বাৰৰ বাবে Hii বুলি মেছেজ এটা কৰে আৰু অলপ পাছতেই ৰিছাং এ তাইৰ মেছেজৰ ৰিপ্লাই কৰে "শেনচোৱা ন'..?"এনেকৈয়ে দুয়োয়ে কথা পাতি ইটোয়ে সিটোক ভালকৈয়ে জানিব পাৰিলে।
সেইদিনা ১৬ফেব্ৰুৱাৰী,সৰস্বতী পূজা।ৰিছাং আৰু শিবন্যা প্ৰথম বাৰৰ বাবে দেখা দেখি হৈছিল।সিহঁতি ধেমালিতে কথা পাতোতে ইটোয়ে সিটোক কয় ঘৰৰ ওচৰৰে যেতিয়া আমি সোনকালেই লগ পাম।কিন্তু সিহঁতি ইমান সোনকালেই যে লগ পাই যাব সেইটো কেতিয়াও ভৱা নাছিল।বিশেষ কৈ শিবন্যায়ে।একো প্লেনিং নাছিল সিহঁতৰ লগ কৰাৰ।পূজাৰ আগদিনা মাত্ৰ দুটা মান কথা পাতিছিল।ৰিছাং এ যি তি কথাবোৰ কৈ আছিল।ধেমালিতে সি এ তাইক কৈছিল কালৈ লগ পাৱ পাৰি বুলি।শিবন্যাই ও ধেমালিতে কৈ পেলালে উম বুলি।কিন্তু সেইয়া ধেমালিহে আছিল।সি কৈছিল যে সি শিবন্যাৰ স্কুলৰ ফালে আহি পোৱা নাই, ভালকৈ ঠাইবোৰ ও চিনি নাপায় আৰু তাৰ গাটো ও ইমান ভাল নহয়।অলপ পানী লগা নিছিনা আৰু ৰিছাংৰ কথা শুনি শিবন্যা ও ইমান যোৰ নকৰিলে তাক।সি মাত্ৰ তাইক কৈছে ঠিক নাই যাব ও পাৰো সেইফালে।তেনেকৈয়ে সেইদিনাৰ কথা শেষ।পাছদিনা যিহেতু পূজা শিবন্যাই ধুনিয়াকৈ পূজালৈ বুলি গ'ল।তাই পূজা কৰি আহি লগৰ কেইজনীৰ লগত অলপ ৰাস্তাৰ ফালে ওলাই আহিল।তাৰ অলপ পাছতেই শিবন্যাই ৰিছাংলৈ মেছেজ কৰে তাৰ খবৰ লয়।সি ও ৰিপ্লাই দি কয় গা ধুই আহিছো ।ঠিক নাই দেই সেইফালে যাব ও পাৰোঁ।শিবন্যাই ও ঠিক আছে বুলি ক'লে আৰু ক'লে সঁচাকৈ আহিলে মানে Callকৰিব।।
সঁচাকৈয়ে ৰিছাং এ তাইলৈ Call কৰি কয় যেমই লগৰ এটাৰ লগত যাব লৈছো।শিবন্যাই ও আচৰিত হৈ উম বুলি ক'লে।তাৰ অলপ পাছত আকৌ ৰিছাংৰ Callআহে।সি ক'ত যাব লাগিব তাইক লগ কৰিবলৈ সেইবোৰ সুধে।শিবন্যাই ও সকলোবোৰ বুজাই দিয়ে।তাৰ অলপ পাছতেই ৰিছাং আহি শিবন্যাক লগ পায়।যিহেতু দুয়োটাই প্ৰথম লগ পাইছে কি কথা পাতিম ভাৱি পোৱা নাই দুয়োটাই,তাতে ওচৰত বহুত বেছি মানুহ।লাজে লাজে দুয়োটাই অলপ কথা পাতিলে আৰু সি প্ৰায় ২০-৩০মিনিট মান সময় শিবন্যাক দি সি লগৰজনৰ লগত ঘৰলৈ যায়গৈ কাৰণ তাৰ গাটো বৰ ভাল নাছিল আৰু তাৰ বাবে ঠাইখন অলপ অচিনাকী যেন আছিল।সেই দিনটো শিবন্যাৰ কাৰণে তাইৰ জীৱনৰ এটা বিশেষ দিন আছিল।কাৰণ তাই সেইদিনাৰলৈকে তেনেকোৱা কোনো ফেছবুক ফ্ৰেণ্ডক লগ কৰি পোৱা নাছিল।তেনেকৈয়ে দিনবোৰ গৈ আছিল আৰু সিহঁতৰ মাজতো যেন এটা ভাল সম্পৰ্কই পোঁখা মেলিছিল।খুব কম সময়ৰ ভিতৰতে সিহঁতি দুয়োটা ও ইটো সিটোৰ বৰ আপোনহৈ পৰিছিল।।
তেনেকৈয়ে দুয়োতাই ইটোক সিটোক জোকোৱা নামবোৰ দি মেছেজত কথা পাতে।শিবন্যাই কেতিয়াও ভৱা নাছিল ৰিছাং যে ইমান এটা ধেমেলিয়া মনৰ ল'ৰা ওলাৱ।সঁচাকৈয়ে তাৰ কথা বতৰাবোৰত গম পায় যে সি এটা বহুত ভাল ল'ৰা।এদিন তেনেকৈয়ে কথা পাতি থাকোতে ৰিছাং এ শিবন্যাক তাৰ মনত থকা কথা এটা কৈ পেলায়।যিটো সি বহু দিনৰ পৰাই তাইক কম কম বুলি ভাৱি আছিল।সি তাইক ক'লে তুমি মোৰ আজি কালি Addat হৈ গৈছা।শিবন্যাই কথাটো ভালকৈ বুজি নোপোৱাত সি তাইক সকলো কথা বুজায় কয় যে সি শিবন্যাক বহুত ভাল পায়।সি গোটেই জীৱনটোৰ কাৰণে তাইক তাৰ কৰিব বিচাৰে।শিবন্যাৰ কথাটো শুনি অলপ আচৰিত লাগিল।তেতিয়াই তাই ৰিছাংক কয় যে তাই তাতকৈ বহুত সৰু আৰু তাই সেইবোৰ কথা এতিয়াই ভৱা নাই।তাক যেন তেনেকৈ ক'লত তাইৰ মনটো কিবা এটা ভাল লগা নাই।তাই আচলতে কথাটো মুখৰ পৰাহে কৈছে তাইৰ মনটোৰ পৰা কোৱা নাই।কাৰণ তাই ও তাৰ প্ৰতি যেন কিবা এটা অনুভৱ কৰে।তেনেকৈয়ে সময়বোৰ পাৰ হৈছিল।সি ও সেইবোৰ কথাত লাগি থকা নাছিল।তাৰ যিহে লাজ।এদিন ৰাতি তেনেকৈয়ে যি তি কথা পাতি থাকোতে শিবন্যায়ে ও তাক তাইৰ কথা কয় যে তাই ও তাক লৈ কিবা এটা অনুভৱ কৰে।তেনেকৈয়ে লাহে লাহে কথা পাতি পাতি যে সিহঁত দুয়োটা এটা ভাল বন্ধুত্বৰ পৰা এটা মধূৰ প্ৰেমৰ সম্পৰ্কত বান্ধ খাই পৰিল।আগৰ দৰেই একেই কথা বতৰা সিহঁতৰ মাজত।সেইদিনা ৰাতি প্ৰায় ১১বাজি ২৫ মিনিট মান গৈছে ৰিছাং আৰু শিবন্যাই এনেই যিতি কথা পাতি আছিল।কথাৰ মাজতে সি নাইকিয়া হৈ গ'ল।মানে তাৰ একো মেছেজ নহা হ'ল।সেইবাবে শিবন্যাই তাইৰ মোবাইলটোতে যিতি চাই আছিল।এনেতে তাইৰ মোবাইলত ৰিছাংৰ Call।তাই একো ধৰিব পৰা নাই।ইমান ৰাতি খন সি তাইলৈ Call কৰিছে..!!এনেইটো সি কেতিয়াও তেনেকে Call নকৰে।তাই ভয়ে ভয়ে Callটো Receved কৰে আৰু সি তাইক সুধে কি কৰিছা..??তাই একো ভাৱি পোৱা নাই আচলতে কি হৈছে তাৰ।তাই তাৰ কথা মতেই উত্তৰ দিয়ে-শুই আছো।এই ৰাতি খন শুই নাথাকি কি কৰিম।তাইৰ উত্তৰ শুনি সি আকৌ কয় তাইক কিয় পঢ়িব লাগিছিল আকৌ।তাই তাৰ কথা শুনি একো কোৱা নাছিল।তেতিয়াই সি তাইক এটা মৰম লগা মাত দি ক'লে Happy Birth day..জন্মদিনৰ শুভেচ্ছা থাকিল..।তাই আচৰিত হৈ লগালগ তাইৰ মোবাইলৰ Display খন চাই দেখে যে তেতিয়া সময় সম্পূৰ্ণ ১২ বাজিছে।তাই আচৰিত হৈ তাক কয় অ'হ Thank you দেই,মই একেবাৰেই পাহৰিছো আজি যে মোৰ ৱাৰ্থ দ্দে।২মিনিট মান কথা পাতি আকৌ সিহঁতি মেছেজত লাগে।
সেইদিনা তাই সঁচাকৈয়ে বহুত আচৰিত হৈছিল কাৰণ তাইক তেনেকৈ কোনেও Call কৰি ৱাৰ্থ দ্দে Wish কৰা নাই।তাৰ সেই আচৰিত হৈ যোৱা ৱাৰ্থ দ্দে Wish ৰ বাবে তাই ৰিছাংক বহুত ধন্যবাদ জনায়।গোটেই ৰাতিটো শিবন্যাৰ Friendকে ধৰি তাইৰ চিনাকী সকলোৱে তাইক ৱাৰ্থ দ্দে Wish কৰিছে।তেনেকৈয়ে তাই ৰিছাংৰ লগত কথা পাতি পাতিয়ে শুই যায়।সেইদিনটো ও শিবন্যাৰ বাবে এটা বহুত Special আছিল।কাৰণ সেইদিনাটো তাইৰ জন্মদিন আছিল আৰু লগতে সেইদিনা তাই ৰিছাংক পুনৰ কোনো প্লেনিং নকৰাকৈয়ে লগ পায়।তাই হয়টো বুজাব নোৱাৰিব সেই বিশেষ দিনটোৰ অনুভৱৰ কথা।অলপ সময়ৰ বাবে শিবন্যাই,ৰিছাংক লগ পায় তাৰ ঘৰৰ ওচৰৰে দোকান এখনত।বেছি সময়ৰ বাবে তাই তাক লগ নাপালে যদিও সেই দিনটো সদায় তাইৰ বাবে বিশেষেই হৈ থাকিব।এনেকৈয়ে হাঁহি ধেমালিৰে ৰিছাং আৰু শিবন্যাৰ সম্পৰ্কটো আগৱাঢ়ি গৈ আাছে।শিবন্যাৰ ৰিছাংৰ প্ৰতি বহুত মৰম,ভালপোৱা,বিশ্বাস,শ্ৰদ্ধা আৰু তাক বহুত বুজিব পৰা শক্তি আছে।তাই তাক সঁচা অন্তৰৰ পৰাই ভাল পায়।কেতিয়াও তাই তাক হেৰুৱাব নিবিছাৰে আৰু ৰিছাংৰ প্ৰতি শিবন্যাৰ যি ধাৰণা ঠিক তাৰ ও শিবন্যাৰ প্ৰতি তেনে ভাৱেই আছে।সি ও তাইক বহুত ভালপায়,মৰম,বিশ্বাস আৰু শ্ৰদ্ধা আৰু সিও শিবন্যাক বহুত বুজিপায়। দুয়োয়ে কথা দিয়ে যে সিহঁতি কেতিয়াও এই সম্পৰ্কটো Break কৰিব নোৱাৰে আৰু কেতিয়াও নকৰে।সেই বিশ্বাস আগত লৈয়ে সিহঁতৰ সম্পৰ্কটো সুন্দৰকৈ আগবঢ়াই নি আছে..।।
সদায় থাকক এই মৰম,ভালপোৱা,বুজা বুজি আৰু বিশ্বাসবোৰ। এনেকৈয়ে হয়টো দুয়োৰে লগ পাব লগিয়া আছিল জীৱন বাটত।বেয়াবোৰ এৰি ভালবোৰক লৈ আগুৱাই যাওঁক দুয়ো।সদায় সিহঁতৰ সেই মৰম,ভালপোৱাবোৰ সিহঁতৰ শক্তি হৈ থাকক....।।
Social Plugin