ভৌতিক গল্প


      ৰমেন আৰু দীপু কলেজীয়া ছাত্ৰ। দুয়ো দুখন ভিন্ন গাঁৱৰ। কলেজতে দুয়োৰে চিনাকি। এতিয়া সিহঁত ভাল বন্ধু। যিহেতু সিহঁতৰ ঘৰৰ পৰা কলেজখন বহু দূৰ, গতিকে দুয়ো ভাৰা ৰূমত থাকে। প্ৰথমে দুয়ো বেলেগ বেলেগ ভাৰা ৰূমত আছিল। পিছত সিহঁত দুই বন্ধুৱে একেলগে থাকিবলৈ সিদ্ধান্ত ল'লে। এটা নতুন ৰূম বিচাৰি অৱশেষত পালে। 




            সিহঁতে যিটো ৰূম ল'লে তাত মুঠতে ছয়টা ৰূম একেলগে আছে। ৰূমৰ মালিক তাত নাথাকে। প্ৰত্যেক ৰূমতে দুজনকৈ ল'ৰা আছে। আটাইবোৰ নতুন, তিনিজন ল'ৰাহে সিহঁততকৈ এমাহ আগতে অহা। নতুন ৰূমত আহি সকলোৰে লগত চিনাকি হৈ কিছুদিন তেনেকৈয়ে পাৰ হ'ল। ৰাতি দেৰিলৈকে ইজনে আনজনৰ লগত, এটা ৰূমৰ পৰা আন এটা ৰূমত গৈ হাঁহি স্ফূৰ্তি  কৰে, বিভিন্ন কথা পাতে। কিন্তু সিহঁতে এটা নিয়ম বান্ধি লৈছিল, ৰাতি ৮ বজাৰ পৰা ১০:৩০ বজালৈকে সকলোৱে পঢ়িব। কোনেও কাৰো ৰূমলৈ যাব নোৱাৰিব আৰু কোনেও হুলস্থূল কৰিব নোৱাৰিব। আটায়ে পঢ়িব।


           প্ৰায় এমাহৰ পিছত তিনিদিনৰ কাৰণে কলেজ বন্ধ পালে। দীপু ঘৰলৈ গ'ল। ৰমেন কাইলৈ যাব। ৰূমৰ আন ল'ৰা কেইজনমানো ঘৰলৈ গ'ল। সদাই দীপুৰ লগত একেলগে থাকি আজি অকলে ৰমেনৰ ভাল নালাগিল। সোনকালে ভাত ৰান্ধি খাই বিছনাতে পৰি ল'লে। মʼবাইলটো টিপি থাকোঁতে ১০ বাজিল আৰু তাৰ টোপনি আহিল। ৰাতি ১২:৩০ বজাত ৰমেনে সাৰ পালে। তাৰ বহুত জোৰকৈ মূতিব লাগিল। সেইদিনা বাকীবোৰ ল'ৰাও সোনকালে শুলে। যিহেতু আন ল'ৰা কেইজনমানো ঘৰলৈ গ'ল। আগতে ১২-১ বজালৈকে মʼবাইল টিপি অথবা আড্ডা মাৰিয়ে বহি থাকে। বাথৰূমটো সিহঁতৰ ৰূমৰ একেবাৰে পিছফালে। বাহিৰত ওলাই ৰূমৰ কাষেৰে এপাক যাব লাগে। ৰমেনে বাহিৰলৈ ওলাই বাথৰূমলৈ গৈছে। বাহিৰত সম্পূৰ্ণ নিজান। একো শব্দ নাই। এনেতে সি লক্ষ্য কৰিলে তাৰ কাষেৰে যেন কোনোবা পাৰ হৈ গৈছে। কাষেদি কোনোবা পাৰ হৈ যোৱা বতাহ তাৰ গাত লাগিল। সি কাকো দেখা নাই, তথাপি ৰূমৰ কোনোবা ল'ৰা হ'ব পাৰে বুলি সি পিছলৈ চালে। কিন্তু কোনো নাই। এনে অভিজ্ঞতা তাৰ এইবাৰেই প্ৰথম। সৰুতে বিভিন্ন ভূতৰ কথা শুনিছে যদিও সি বিশ্বাস নকৰে। কিন্তু আজি তাৰ অলপ ভয় লাগিছে। হ'লেও বুকু ডাঠ কৰি সি ভাবিলে, তাৰ গাত বতাহ হে লাগিল আন একো নহয়। সি বাথৰূমত সোমাল, দৰ্জা বন্ধ নকৰিলেই। সি বাথৰূমত সোমাই থাকোঁতেই বাহিৰৰ পৰা বাথৰূমৰ দৰ্জাখন কোনোবাই জোৰকৈ জপাই দিলে। ৰূমৰ কোনোবাই তাৰ লগত ধেমালি কৰিছে বুলি সি খঙত ক'লে, কোন (অশ্লীল)? বাপেৰক ভয় খোৱাব আহিছ (অশ্লীল)। সি লগালগ বাথৰূমৰ পৰা ওলাই আহি চালে, ওচৰত কোনো নাই। আকৌ সি তাৰ কাষেৰে কোনোবা পাৰ হৈ যোৱাৰ অনুমান কৰিলে। তাৰ গাত একেই বতাহ লাগিল, কাষেদি কোনোবা পাৰ হৈ যোৱাৰ বতাহ। এইবাৰ সি বাৰুকৈয়ে ভয় খালে। ভয়ত দৌৰি গৈ সি ৰূমৰ ভিতৰত সোমাল। তাৰ মনলৈ বিভিন্ন কথা আহিল। সৰুতে শুনা কাহিনীবোৰ তেন্তে সঁচা। ভূত তেন্তে সঁচাকৈয়ে আছে। 

           

           সি এবাৰ ওচৰৰ ৰূমৰ এজন ল'ৰাক মাত লগালে, কিন্তু সি টোপনিৰ পৰা সাৰ নাপালে। ফোন কৰি জগাই দিবলৈ লৈ হঠাৎ ৰৈ গ'ল। কিজানি তাক সকলোৱে হাঁহিব, কিজানি সকলোৱে জোকাব ভয়াতুৰ বুলি। ভয়ে ভয়ে সি শুবলৈ চেষ্টা কৰিলে। আজি লাইটটো জ্বলাই লৈছে। আগতে শোৱাৰ আগত সদাই লাইট অফ কৰি লয়। সি শুবলৈ চেষ্টা কৰিও টোপনি যাব পৰা নাই। এনেতে তাৰ খিৰিকিখনৰ ফালে চকু গ'ল। কাঁচৰ খিৰিকি খনৰ মাজেৰে সি দেখিলে, এটা ছাঁয়া আহি খিৰিকিখনৰ কাষতে ৰৈছে। সি স্পষ্টকৈ দেখা পালে যে সেয়া মানুহ নহয়, এটা কʼলা ছাঁ।তাৰ মুখৰ পৰা আপুনিয়েই এটা ডাঙৰ চিঞৰ ওলাই আহিল। 

           

           তাৰ চিঞৰত ৰূমৰ আটাইবোৰ ল'ৰাই সাৰ পালে। কি হৈছে বুলি আটায়ে ৰমেনৰ ৰূমৰ দুৱাৰ মুখত উপস্থিত হৈ ৰমেনক মাত দিলে। সি ভয়ে ভয়ে আহি দুৱাৰ খুলি দিলে। আন ল'ৰাবোৰে লক্ষ্য কৰিলে যে ৰমেন সম্পূৰ্ণ ঘামি আছে, যেন এইমাত্ৰ গা ধুইহে আহিছে। সোধ-পোছ কৰি ঘটনাটোৰ বিষয়ে আটায়ে জানিলে। সকলোৱে বহুত বেছি ভয় খালে। সিহঁততকৈ এমাহ আগতে অহা ল'ৰা তিনিজনো ক'লে, বাথৰূমলৈ যাওঁতে কাষেৰে কোনোবা পাৰ হৈ যোৱাৰ অনুভৱ সিহঁতেও বহুতবাৰ কৰিছে। কিন্তু ইয়াক সহজভাৱেই লৈছিল। আজি পিছে সহজভাৱে ল'ব পৰা নাই। সকলোৱে সিদ্ধান্ত ল'লে যে আজি সিহঁতে একেটা ৰূমতে শুব। আন ৰূমৰ পৰা দুখন বিছনা আনি আটায়ে একেটা ৰূমতে শুই পৰিল। কিন্তু কাৰো চকুত টোপনি নাই। লাহে লাহে এজন এজনকৈ সকলো টোপনি গ'ল।

           

           পুৱতি নিশা প্ৰায় ৩ মান বাজিছে। এনেতে সিহঁতৰ এজনৰ চিঞৰত সকলোৱে সাৰ পাই গ'ল। কি হ'ল সোধাত সি ক'লে যে এটা ছাঁয়া আহি খিৰিকিখনৰ পৰা আমাক চাই আছিল। মই নিজ চকুৰে দেখিছোঁ। সিহঁতৰ আৰু শোৱা নহ'ল। ভয়তে কোনোৱে ৰাম নাম লৈছে, কোনোৱে হনুমানৰ নাম লৈছে। এনেকৈয়ে ৰাতিপুৱালে। জোনাক হৈ অহাৰ লগে লগে সিহঁতৰ ভয়টোও লাহে লাহে আঁতৰিল।

           

           ৰাতি ৰমেনে মৰা চিঞৰটো ওচৰ চুবুৰীয়াও শুনিছিল। ওচৰৰে এটা ঘৰৰ এজন বৃদ্ধ ব্যক্তি আহি ৰাতি হোৱা ঘটনাটোৰ বিষয়ে জানিলে। বৃদ্ধজনে ৰূমৰ ল'ৰাবোৰক একেলগে মাতি ক'লে যে, এতিয়া যিটো বাথৰূম আছে, তাত আগতে ভাৰা ৰূমবোৰ আছিল। দুই বছৰ আগতে সেই ৰূমৰে এজন ল'ৰাই হায়াৰ চেকেণ্ডেৰী পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰি ৰূমৰ ভিতৰতে আত্মহত্যা কৰিছিল। তাৰ পিছৰ এক বছৰৰ কাৰণে সেই ৰূমত কোনেও থকা নাছিল। পিছত ৰূমৰ মালিকে সেই ৰূমবোৰ ভাঙি ইয়াত নতুনকৈ ঘৰটো বনাই ৰূম দিলে। আগৰ ৰূমৰ স্থানত বাথৰূমটো সাজিলে। লগতে বৃদ্ধজনে ক'লে যে এই কথা ৰূমৰ মালিকে গোপনে ৰাখিব খুজিছিল। আগতেও এই ৰূমবোৰত বহুতো ল'ৰা আহিছিল যদিও তিনিমাহতকৈ অধিক কোনো ল'ৰা থাকিব নোৱাৰিলে। কথাখিনি কৈ বৃদ্ধজন গুছি গ'ল।

           

           সেইদিনাই ৰমেন আৰু দীপুৰ লগতে আন আটাইবোৰ ল'ৰাই সেই ৰূম ত্যাগ কৰিলে।

           -----------------

(বি: দ্ৰ: কাহিনী, চৰিত্ৰ সম্পূৰ্ণ কাল্পনিক)