এক আধৰুৱা প্রেম কাহিনী

  নিয়ৰ আৰু তৰাৰ এক সৰু প্ৰেম কাহিনী।যাৰ প্ৰেমত আছিলে কাজিয়া, মৰম, অভিমান আৰু বিশ্বাসৰ সোৱাদ। দুয়ো ঘৰৰ সন্মতি নাছিলে বুলিও ক'ব নোৱাৰি সম্পূৰ্ণকৈ,আচলতে তৰাৰ মাকে জানিছিলে , কিন্তু তথাপিও তেওঁ কৰবাত যেন ক্ষুন্ন হৈ আছিলে। কিন্তু তথাপিও তাহাঁতৰ সম্পৰ্ক আগৰ দৰেই হৈ আছিল।


কিন্তু... কিছুমান অবাস্তবিক ঘটনাই তাহঁতৰ সম্পৰ্কটো চিৰদিনৰ বাবে শেষ হৈ পৰিল।

: "অই।ক'ত আছা?" তৰাই নিয়ৰক নেদেখি সুধিলে।

আচলতে আজি তাই তাক লগ কৰাৰ খুব মন গ'ল ।নিয়ৰেও মানা নকৰিলে। বহুত দিনৰ পৰা লগ কৰিম বুলি ভাবি থকা হৈছিলেই ,সেই সুযোগতে সি তাইক লগ কৰি সকলো কথা ক'ম বুলি মনত সাহ এটা লৈ গৈছে।সিও আচলতে বুজা নাই কি হ'বলৈ গৈছে।কিন্তু নক'


লে যে পিছত সময়ে বৰ বেয়াকৈ ক্ষতি কৰি পেলাব সকলোকে সেইয়া নিশ্চিত।সেয়েহে আজি এই সকলোবোৰ তাইৰ আগত খুলি কম বুলিয়েই আহিছে।

: "অ।ৰবা।মই দোকান এখনত সোমাই কিবা এটা কিনি নিছোঁ"। নিয়ৰে ক'লে।

 :"আহাঁ পাই।আমনি লাগিছে।কিমান দিন ৰৈ ৰৈ আজি লগ পাম ভাৱি আহিছোঁ তুমি মানে..."(তৰা)

প্ৰায় ১০ মিনিটমান ৰোৱাৰ পিছত নিয়ৰ আহি পালেহি ।কিন্তু আজি তাৰ মুখত আনদিনাৰ দৰে কোনো উৎসাহ নাই।আচলতে সি নিজেও বুজি পোৱা নাই কোনখন মুখেৰে কব।কিন্তু লুকুৱাই থোৱাটো তাৰ বাবে অসম্ভৱ হৈ পৰিছে।

:"কি হ'ল?ইমান দূৰত বহিলা যে"?তৰাই নিয়ৰক দূৰত বহা দেখি সুধিলে।আচৰিত হ'ল আচলতে,তাই তাৰ ব্যৱহাৰত।

: "নাইটো......ক'ত? "সি থত-মত খালে ।তাই যে তাক    ইমানখিনি লক্ষ্য কৰি আছে সি তেতিয়াহে গম পালে। 

:"মোক তুমি কথা শিকোৱা নে ?জানো তোমাক দিয়া।কি হৈছে কোৱাচোন "? তৰাই আকুলতাৰে সুধিলে।

: "নাই । মানে কি বুলি কওঁ ,ক'ৰ পৰা আৰম্ভ কৰিম একোৱেই বুজা নাই ।আৰু জানি পেলাই তুমি কি শাস্তি দিয়া মোক দিবা। কিন্তু নক'লে মই শান্তি নাপাম  অ"'। নিয়ৰে ক'লে।

:"তুমি বাৰু ...." তৰাই অলপ সন্দেহেৰে সুধিলে ।

:"কৈ দিও মই তাৰ পিছত তুমি কি শাস্তি দিয়া মই লম।মই যে কৈছিলো ,আমাৰ অফিচলৈ ছোৱালী এজনী আহিছে । পৰিণীতা বুলি।"

:" অ কৈছিলা।তুমি কি হ'ল তাই?কিবা ক'লে নেকি"?তৰাই উষ্মাৰে ক'লে ।

:"নাই নাই, তাই একো কোৱা নাই।তাই খুব ভাল"।( নিয়ৰ)

:"তেন্তে কি হ'ল কোৱা আকৌ কিয় এনেকে আছা কৈ যোৱা ৰৈ কিয় দিছা"।(তৰা)

: "অ এনেইটো মোৰ লগত ইমান গভীৰ নাছিল ।কিন্তু চাৰে আমাৰ দুয়োটাকে কাম কিছুমান একেলগে কৰিব কৈছিলে। কামৰ মাজেৰে আমাৰ কথা আৰম্ভ হৈছিলে। আৰু কেতিয়া মোৰ তাইক ভাল লাগিবলৈ ধৰিলে মই গমেই নাপালোঁ।ইফালে তাই ঘৰত মোৰ কথা কৈ দিয়াত মোক তাইৰ বাপেক- মাকে নিজৰ জোঁৱাই হিচাবে বিচাৰিছে ।আৰু...."

 :" কিঃ।সেইবাবেই মানে তুমি মোক কৈ আছিলা কামৰ পৰা আজৰি পোৱা নাই।এতিয়াহে বুজিলো ।তোমাৰ আচল কামৰ ৰহস্য।তেনেহ'লে কিয় ইমান দিনে মোৰ লগত ভালপোৱাৰ নাটকখন কৰি গ'লা। সুধি থাকোতেই কৈ নগলা ভাল পাওঁ বুলি মইটো নকওঁ "নাপাবা বুলি"।তুমি জানাচোন তোমাৰ সুখতেই মই সুখী বুলি"। তৰাই চকুৰ পানী কেইটোপাল কোনোমতে ধৰি ক'লে।

: "এই।তুমি কান্দিছা কিয়?মাৰা মোক। জানো মই ভূল কৰিছো। কিন্তু মই নিজেই গম নাপালোঁ অ । এতিয়াহে বুজিচো  কিমান ডাঙৰ অপৰাধ কৰিলোঁ।ভগৱানে মোক সুদাই নেৰে"।

 : "হেই নাপাই কিয় কৈছা।ভালেই কৰিলা।ইমানতে জনাই দিলা।নহ'লে চাগে কিমান কি হৈ গলহেঁতেন।ঘৰত বিয়াৰ আয়োজন চলিছিল মোৰ।অহা বুধবাৰে তোমাক আমাৰ ঘৰলৈ মতাৰ কথাই আছিলে।কিন্তু.. হ'ব দিয়া ভাল লাগিলে শুনি।সুখী হোৱা দুয়ো।"খুব বেজাৰেৰে তৰাই কথাবোৰ কৈ বৈ অহা চকুপানীখিনি মচি ললে।

            জোনাকৰ বৰ কষ্ট হ'ল এই মূহুৰ্তটো।কাৰণ এই নাৰীগৰাকীৰ চকুত আনে চকুপানী দিলেই খঙত আগ্নেয়গিৰী হৈ যায় আৰু আজি তাৰ একালৰ প্ৰিয় নাৰীক নিজেই চকুপানী উপহাৰ দিছে ।কিমান নিষ্ঠুৰ সি।        সি লাহেকৈ তাইৰ ওচৰলৈ আহি চকুপানী মচি ক'লে,

:"মই বহুত ডাঙৰ ভূল কৰি পেলালো।মোক বেয়া নাপাবা অ"।তৰাৰ আৰু বেজাৰ লাগিলে।তাই ভাবিছিল সি হয়টো আকৌ তাইৰ কাষলৈ আহিব বুলি ক'ব।কিন্তু নাই সি তেনেকুৱা একো নকলে কেৱল 'বেয়া নাপাবা'টোৰ বাহিৰে। সঁচা ভালপোৱাৰ প্ৰতিদিন যে এনেকুৱা তাই আজি মৰ্মে মৰ্মে উপলব্ধি কৰিলে।

: "হব দিয়া মই গৈ থাকো ।আমাৰ মাজত যিহেতু সকলোবোৰ শেষেই হল, গতিকে মই ভাবো ফোনৰ পৰাও সকলোবোৰ সামৰি দিয়া উচিত।"তৰাই উঠি গুচি গলগৈ। 

নিয়ৰ এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হব লাগিব বুলি প্ৰস্তুত নাছিল। তাৰ ফোনটো বাজি থকাৰ উমান পালে। জানে কোনে কৰিছে। কিন্তু এই মূহুৰ্তত তাৰ কাৰো সৈতে কথা পতাৰ ইচ্ছা নকৰিলে। পৰিণীতা।তাৰ বৰ্তমান প্ৰেমিকাই ফোনৰ উপৰি ফোন কৰি আছে ।সিযে তাইক(তৰা)লগ  কৰিবলৈ গৈছে গম পায়।কিন্তু সি আজি নিজৰ লগতে ঘৰৰ মানুহখিনিৰো নাক কান কাটিলে। সি তৰা যোৱাৰ ফালে চাই তলত বহি পৰিল। 

              বেলি ডুবি গৈছিল সি উভতি অহালৈ।6 টা বাজি যোৱাৰ পিছত সি ঘৰ পালেগৈ।গৈয়েই সি নিজৰ ৰোমত সোমাই বিচনাত নিজৰ দেহটো এৰি দিলে। মাকহতে তাৰ এই আচৰণত আচৰিত নহৈ নোৱাৰিলে।যিটো লৰাই অফিচৰ পৰা আহি "মা", "মা" কে মাটি মাকে নমতালৈকে ভিতৰলৈ নাযায় আজি সি মাকক মাত নলগুৱাকৈ নিজৰ ৰোমত সোমাই যোৱা কথাই চবৰে মনত সন্দেহ হয়।তথাপিও কিন্তু মাকে বহুত দিনৰপৰা তাৰ আচৰণ দেখি আছিলে যদিও অফিচৰ কিবা কামৰ বাবে তেঁওক থকা ভাবি একো গুৰুত্ব দিয়া নাছিল কিন্তু আজি তাৰ এই আচৰণত তেওঁ খুব আচৰিত হ'ল।লগা লগ তৰালৈ ফোন লগালে।কিন্তু তাইৰ ফোনটো অফ পোৱাত তেঁও গম পালে যে তাহঁত দুটাৰ মাজতে কিবা লাগিলে।কিন্তু 7 বাজি যোৱাৰ পিছত তেওঁ তাক ৰুমৰ পৰা নোলোৱাৰ মাকে দুৱাৰত টুকুৰিয়াবলৈ ধৰিলে।সি লাহেকৈ গৈ হুক টো খুলি  আকৌ বিচনাখনত পৰি দিলে ।মাক এইবাৰ সঁচাই আচৰিত হল।হৈছে কি তাৰ।ইফালে তৰাইও ফোন অন নকৰা হ'ল।তেওঁ লাহেকৈ গৈ তাৰ মূৰত আঙুলি ফোৰাই মোহাৰি দিওঁতে তাৰ গলেৰে বৈ অহা চকুপানী উমান পাই চক খাই উঠিল।

: "কি হ'ল সোণ? তই কিয় কান্দিছ ? এনেকুৱা কিয় কৰিছ তই"? মাকে নিজৰ চকুপানী সামৰি ক'লে।

 :" মা।মোৰ দ্বাৰা বহুত ডাঙৰ ভূল হৈ গ'ল অ'।"সি কন্দনামুৱা হৈ কলে।

:"কি হৈছে সোণ।কি হ'ল মোক ক'।মই ঠিক কৰি দিম।"

: "নাই অ মা ।নোৱাৰা তুমি এই ভূল শুদ্ধ কৰিব"।এইবুলি আৰম্ভণিৰ পৰা শেষলৈ সকলোবোৰ কৈ দিলে।

মাক বহুত দেৰি যথৰ হৈ পৰিল।তেওঁ পুত্ৰৰ কৰ্মত গালি দিব নে সান্তনা দিব একো উহা দিহ নোপোৱা হ'ল।

: "তই এনেকুৱা কৰিবি বুলি জনা হ'লে মই সেই ছোৱালীজনীৰ মনত ইমান আশা নিদিওঁ। ময়ো এজনী নাৰী।তই মোৰ ল'ৰা হৈ এনেকুৱা কাম কৰিবি বুলি ভৱা নাছিলো।এতিয়া কি ক'বি তই তাইৰ ঘৰৰ মানুহক? কিমান কি নকৰিছিলে তাই তোৰ বাবে?আৰু তই তাইৰ বুকুত কামোৰ দিলি।" শেষলৈ মাকৰ মাতটো খং মিশ্ৰিত হৈ কান্দোনলৈ পৰিবৰ্তন হ'ল। 

 ৰাতি 9 বজাত তৰাৰ মাকৰ পৰা নিয়ৰলৈ ফোন আহিলে।তৰা মোৰ ঘূৰাই বাথৰোমত পৰি আছিলে।ককায়েকে দুৱাৰ ভাঙি উলিয়াই আনিছে।এতিয়া হস্পিটেলত আছে । ডা⁰য়ে আই.চি.ইউ.ত ৰাখি থৈছে ।তাৰ মূৰত আকাশখন খহি পৰিল।আজি যদি তৰাৰ কিবা এটা হয়,... নাই সি আৰু নাভাবিলে বেছি । ততাতয়াকৈ হস্পিটেল যাবলৈ ওলাল।গোটেই বাটচোৱা সি তৰাৰ সেই কন্দনমুৱা মুখখন মনত পৰি বুকু বিষ এটা উজাই আহিল। প্ৰায় আধা ঘণ্টা পিছত সি তাইক ৰক্ষা হস্পিটেল পালেগৈ আৰু আই.চি.ইউ.ৰ ওচৰ পালে আৰু আইনাৰ সহায়ত তাইক দেখে নেকি চালে। কান্ধত কাৰোবাৰ হাতৰ পৰশ পাই ঘূৰি চালে আৰু তাইৰ মাকক দেখিলে,তেওঁৰ চকুৰ দুই কোণত পানীৰ দাগ। নজনকৈ নিজকে পূৰ্ণ চৰ দুটামান দিব মন গল। 

:আন্তি।আপুনি এনেকুৱা কিয় কৰিছে ।তাই আকৌ আগৰ দৰেই নিচিনা হ'ব।চিন্তা নকৰিব। যদিও কৈছিল সি নিজেও বৰ ভয় খাই আছে।

এনেতে এজন ডা⁰ আহি মতিলে 

:তৰাৰ কোনোবা আছেনে ওচৰত? নিয়ৰৰে একে উশাহতে কৈ উঠিল 

:"Yes,ডা⁰ কওঁক। মই তাইৰ বন্ধু হয়।"

: "আমি আমাৰ পৰা বহুত try কৰিলোঁ,কিন্তু .. I'm sorry। ব্ৰেইনত বেছিকৈ দুখ পোৱাৰ বাবে আমি  তোমাৰ friend   ক বচাব নোৱাৰিলোঁ।" এইবুলি ডা⁰জন ওলায় গ'ল। 

সি ঠাইতে বহি পৰিল।যিটো ভয় কৰিছিলে সেইটোৱেই হ'লগৈ।তাৰ মূৰটো ঘূৰাই যোৱা যেন অনুভৱ হ'ল। তাইৰ এনে অৱস্থাৰ বাবে সিয়েই দায়ী। তৰাৰ মাক তাৰ কাষলৈ আহি সুধিলে ,

: "কি কলে ডা⁰য়ে।ভাল হৈছে নহ।"

সি মাকৰ মুখলৈ চালে।কেনেকৈ ক'ব সি তাই যে ইতিমধ্যে তেওঁলোকৰ মাজৰ পৰা আঁতৰি গ'লগৈ। 

:"আন্তি....তাই..... "নাই নোৱাৰিলে সি কব। কান্দি কান্দি সি বহি পৰিলে।

:"নাইই....নোৱাৰে এনে হ'ব নোৱাৰে...অই কিয় এনে হ'ল অই "....মাকে চিঞৰি চিঞৰি কান্দি সৰি পৰিলে তাৰ বাহুতে।সকলোৱে গম পালে কি হ'ল।পৰিয়ালৰ সকলোঁ হস্পিটেল পাইছিলেহিয়েই,কোনো প্ৰস্তুত নাছিল,এনেকুৱা এটা বাতৰি পাব বুলি।সকলোৰে মাজত হুৱা দুৱা লাগিলে।

তৰাৰ মাহীয়েকৰ লৰা তনয়ে তাইৰ ডেড বদি ঘৰলৈ নিয়াৰ যো জা চলালে।কোনে জানে কাললৈকে জীৱিত হৈ থকা ছোৱালীজনী আজি বগা কাপোৰৰ তলত চিৰ শান্তিৰে শুই থাকিব। 

     1ঘণ্টা মূৰত তাইৰ দেহটো ঘৰৰ চোতালত শুৱাই দিলেহি।কিযে এক হৃদয়বিদাৰক ঘটনা। জীৱিত অৱস্থাত নিজ পিতৃ মাতৃয়ে কোন সতেৰে নিজ কন্যাৰ মৃতদেহ চাব পাৰে? এইবোৰৰ মাজত এটা মনত হুলে বিন্ধাদি বিন্ধি আছিলে। নিয়ৰ স্থবিৰ হৈ পৰিল। তাৰ কৰ্মই আজি তৰাক ভগৱানে মাটি নিলে ।