ক'লা ছোৱালী vs বগা ছোৱালী


 😊😊😉ক'লা ছোৱালী vs বগা ছোৱালী ------ 

বাহিৰৰ ৰং চালে কি হব, ভিতৰৰ ৰং আঁছল । ৰূপে কি কৰে , গুণে হে সংসাৰ তৰে,,,,,,,,, এই বিলাক কথা মই নকওঁ । এই বিলাক মুখস্থ কথা, নিজক ভাল আৰু উদাৰ দেখাবলৈ এইবিলাক meme, ফটো মানুহে share কৰি থাকে। মই তেনেকুৱা লিখক নহয় , মই মানুহক মক্কেল নবনাও মোৰ কথাৰ দ্বাৰা। সেইকাৰণে আপুনি মোক বেয়া পাব পাৰে। 😏😏

মানুহৰ গাৰ ৰং লৈ কথা পাতিব নালাগে কিন্তু মোৰ এক কৰ্তব্য আছে সমাজৰ প্ৰতি, মই বাধ্য কবলৈ। 🙏


সকলো ক'লা ছোৱালী কিন্তু ক'লা নহয়, ক্ষীণ ক'লা ছোৱালী আচলতে ক'লা নহয়, অলপ শকত হলে বিয়াৰ পিছত ধুনীয়া হৈ যায়। তাৰ পিছতো কিছুমান ক'লা ছোৱালী আছে , এই ক'লা ছোৱালী বা বগা ছোৱালী আমাৰ দেশৰ কথা নহয়, আমাৰ দেশৰ দেৱী মা কালি, ভগৱান কৃষ্ণ ক'লা , এইবিলাক বাহিৰৰ পৰা অহা


makeup company বিলাকে আমাক কৈছে যে ক'লা ছোৱালীয়ে মুখত কি ঘহিব লাগে, তাৰ পাছৰ পৰা মানুহ ক'লা আৰু বগা ছোৱালীৰ সন্ধান কৰি আছে। Makeup ৰ প্ৰচলন বৃদ্ধি হোৱাৰ লগে লগে ছোৱালী মানুহৰ ছালৰ ৰোগ যে বৃদ্ধি পাইছে সেইটো আপোনালোকে লক্ষ্য কৰিছে নে ?? পৃথিৱীৰ কোনো মানুহ ইমান ধুনীয়া নহয় যিমান আমি কবিতা, গল্প, চিত্ৰত দেখো, লাইলা আৰু জুলিয়েট ইমান ধুনীয়াও নাছিল যিমান আমি কাহিনী পঢ়ি গম পাও। তেওঁলোকক প্ৰেমিকে দিয়া গুৰুত্বৰ বাবে লিখকে তেওঁলোকৰ ৰূপৰ ইমান প্ৰশংসা কৰিছে। আমি নিজক যিমান কুৎসিত বুলি ভাবো আচলতে আমি তাতকৈ ৩০ % কম কুৎসিত আৰু makeup কৰাৰ পিছত নিজক যিমান ধুনীয়া বুলি ভাবো তাতকৈ ৩০% কম ধুনীয়া । Makeup কৰাৰ এটা সীমা আছে তাতকৈ বেছি কৰিলে আপোনাৰ চেহেৰা বেয়া হে কৰে। যিয়ে নহওঁক ক'লা ছোৱালীৰ কথা কওঁ, ক'লা ছোৱালী বিয়া পাতিলে , বিয়াৰ পিছত আপোনাৰ সংসাৰত অশান্তি হোৱাৰ সম্ভাৱনা কম থাকে। মানুহ ক'লা বা বগা এইটো এক প্ৰাকৃতিক ঘটনা, ক'লা মানুহৰ গাত melenin নামৰ এক ৰসায়ন পোৱা যায় যিটো বগা মানুহৰ গাত পোৱা নাযায়, এই melenin থকা মানুহৰ ছালৰ ৰোগ কম হয়, আৰু অলপ বয়স হলে যে মানুহৰ চেহেৰা উলমি যায় ( Wrinkles) সেইটো নহয় বা পলমকে হয়।  

সকলো মানুহ ৯৯.৯ % একে , মাত্ৰ ০.১ % হে বেলেগ , এই ০.১% ত আছে গাৰ ৰং, উচ্চতা আৰু চেহেৰা। মই আপুনাক যিমানে কওঁ মানুহৰ ব্যৱহাৰ আচল ৰূপ বুলি, মানুহ দেখাত বেয়া হলেও ভাল হব পাৰে। 

মই আপোনাক যিমান তৰ্ক নিদিওঁ আপুনি কেতিয়াও ক'লা ছোৱালী এজনীক বিয়া পাতিবলৈ আগ্ৰহী নহয় মই জানো। আপোনাৰ আগ্ৰহ নথকাটো ভুল ধাৰণা সেইকাৰণে প্ৰকৃতিয়ে সকলো কষ্ট কৰা পুৰুষক সমান ধন - সম্পত্তি নিদিয়ে, বহুত কাম কৰাৰ পিছতো কিছুমান পুৰুষ ভবা দৰে সফল হব নোৱাৰে, বহুত কষ্ট কৰাৰ পিছতো চাকৰি এটা নাপায় 😁😁😁, সকলো পুৰুষ যদি সফল হৈ যায় দেখাত বেয়া বা ক'লা ছোৱালীক কোনে বিয়া পাতিব??? হিন্দু আৰু ইছলাম দৰ্শনত এইটো ধুনীয়া কৈ লিখা আছে পুৰুষৰ সমৃদ্ধি পত্নীৰ ভাগ্যৰ উপৰত নিৰ্ভশীল 🤣🤣🤣, পুৰুষ তুমি কত যাবা এতিয়া , ধনী হব বিচৰা যাতে ধুনীয়া ছোৱালী বিয়া পাতিব পাৰা, বিয়া নাপাতিলে তোমাৰ ভাগ্য পৰিবৰ্তন নহব যোৱা। নহলে টপা uncle হোৱা লৈকে ধৈৰ্য ধৰা ধুনীয়া ছোৱালী এজনী পাবা। কিন্তু বিশ্বাস কৰক সেই বয়স হলে ধুনীয়া ছোৱালী আৰু অধুনীয়া ছোৱালী একে, মানুহক দেখাবলৈ হে বিয়া পাতে যাতে মানুহে বৰলা বুলি নুজুকায় । তুমি প্ৰাকৃতিক অপমান কৰিবা, প্ৰকৃতিও তোমাৰ অপমান কৰিব। যিয়ে নহওঁক এতিয়া কথা এইটো নহয় যে ক'লা ছোৱালী এজনী সদায় এজন দুখীয়া বা অসফল লৰাৰ লগতে বিয়া হব লাগিব।