পুৱতি নিশাৰ জোনাক

 পুৱতি নিশাৰ জোনাক


মই নিজৰ চকুকে বিশ্বাস কৰিব পৰা নাই । এয়া কোন , মায়া নে মায়াৰ ৰূপত মোৰ ভাবনা । মই যেন নিজকে বুজাব পৰা নাই ? মই চিঞৰি দিলো " মায়া তুমি কিয় আহিছা ইয়ালৈ, তুমি যোৱাগৈ ! তোমাৰ বিয়া আজিয়েই নহয় জানো ?



     মোৰ প্ৰশ্নবোধক কথাষাৰে মায়াৰ মুখমণ্ডল উজ্জল কৰি তুলিছে তাই যেন বিয়া শব্দটো শুনি আনন্দ পাইছে । তাই মোক একো কোৱা নাই ? মোৰ ফালে কেৱল চাইহে আছে ? হঠাৎ তাই কিবা ক'ব খুজিও ৰৈ গ'ল । মই আকৌ এবাৰ তাইক যাবলৈ অনুৰোধ কৰিলো কিন্তু তাই যোৱা নাই ...। তাই কেৱল মোৰ ফালেই চাই আছে । মই তাইক এইবাৰ অলপ ভালকৈ প্ৰত্যক্ষ কৰিলো । তাই এযোৰ সেউজীয়া ৰঙৰ মেখেলা চাদৰ পিন্ধিছে ! তাইৰ চুলিকোচা ফাগুনৰ বতাহজাকত চৌ খেলিছে । 


      মই তাইক একেথৰে চাই থকাত তাই হাঁহি এটা মাৰি ক'লে ---

মায়া কোন মায়া ? মোৰ চকুদুটা ঘোপকৈ মেল খ‌ালে । তাৰপিছত মই দেখিলো মাই মোক পথাৰলৈ যাৱলৈ জগাই আছে । মাই মোক আৰু এবাৰ সুধিলে " তই যে মায়া বুলি চিঞৰি আছিলি কোন মায়া ? " 

মা তুমিও যে আৰু এটা কথাকে সুধি থাকা ....। " 


মই মাৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব বুলি পথাৰলৈ লৰ মাৰিলো । 


আহিনৰ পথাৰত ধানৰ ঠোক মেলিছে । আধা পকা ধানবোৰ বতাহত হালি জালি নাচি আছে । বিভিন্ন জাতৰ ধানেৰে পথাৰখন ভৰপুৰ হৈ আছে । বাচমতি , জহা , বৰা , ৰঞ্জীত, শালী বিভিন্ন জাতৰ ধান । মই কিছুসময় পথাৰখনৰ ফালে চাই থাকিলো । এনেতে এজাক হালধিয়া চৰাই ধাননিৰ মাজৰ পৰা উৰি যোৱা দেখিব পালো । মই চৰাইজাক দেখি ক'ব নোৱাৰাকৈয়ে ধাননিৰ মাজত সোমাই পৰিলো । কিছুদুৰ আগুৱাঢ়িলো। এনেতে গৈ দেখিলো মায়াই তাতে হালধিয়া চৰাই জাকক খেদি আছে ....মই মনে মনে পিছফালৰ পৰা তাইৰ দুচকুত ধৰিলো । তাই মোৰ হাতখন চুই ক'লে --- 


জোনাক নহয়নে ? তাইৰ কথা শুনি তাইৰ ফালে ঘুৰি তাইৰ কাষতে বহিলো আৰু তাইৰ ফালে চাই ক'লো -- মায়া তুমি মোক ইমান ভালকৈ চিনি পোৱা। 


  উম পাওঁ ! তুমি হ'লা মোৰ প্ৰথম চিনাকী আৰু প্ৰথম চিনাকী কেতিয়াও হেৰাই নাযাই । 


তাই মোক কথাখিনি কৈ ধাননিডৰাৰ ফালে চালে । হয় মায়া মোৰ আজিৰ চিনাকী নহয় মায়া মোৰ বহুত দিনৰ চিনাকী কিন্তু তাই মোক প্ৰথম চিনাকী বুলি কিয় ক'লে ? মানুহৰ জীৱনৰ প্ৰথম চিনাকী মাঁ শব্দটোহে । ওহোঁ মই পাহৰিছিলো মায়াই দেখোন মাতৃহৰা । মা শব্দৰ লগত তাইৰ চিনাকী নাই । দেউতাকে মায়াক ডাঙৰ দীঘল কৰিবলৈ আকৌ এবাৰ বিয়া কৰালে। মায়াৰ জীৱনৰ প্ৰথম তিনিটা বছৰ ঠিক ভাবেই পাৰ হৈছিল । কিন্তু মাহী মাকৰ ল'ৰা ছোৱালী হ'লত মায়াক দেখিব নোৱাৰা হ'ল । তাইক ঘৰৰ কামবোৰ অকলে কৰিবলৈ দিয়া হ'ল । বেচেৰি মায়াও মাহীমাকৰ ভয়তে কামবোৰ কৰিবলৈ বাধ্য হ'ল । মাহীমাকৰ লৰা ছোৱালী দুটাক স্কুললৈ পঠিয়াই আৰু মায়াক পঠিয়াই পথাৰত ধান ৰখাবলৈ । এনেকৈয়ে মায়া আজি পোন্ধৰটা আহিন গোচকিলে । মই মায়াৰ ফালে চাই চাই কথাবোৰ ভাবি আছো । তাই চৰাইজাক আকৌ এবাৰ খেদি আহি মোৰ কাষত বহিলে । বহু সময় আমি নিৰৱে পাৰ কৰিলো । এনেতে এটা পখিলা উৰি আহি মায়াৰ গাত পৰিল । তাই পখিলাটো ধৰিব খুজিলে কিন্তু ধৰিব ওলাওঁতে পখিলাটোৱে উৰা মাৰিলে । মায়াই পখিলাটোৰ পিছে পিছে খেদি ফুৰিলে তাইৰ সেই দৃশ্য দেখি মই নেহাঁহি থাকিব নোৱাৰিলো । মই হাঁহি থকা দেখি তাই লাজ পালে লাজে লাজে আহি তাই মোৰ ওচৰত আকৌ বহিলে । 


মই তাইক ক'লো --- 

মায়া সেই পখিলাটোৰ দৰে তুমি যাবা এদিন মোৰ ওচৰৰ পৰা.... । মই কথাখিনি শেষ কৰিব নেপাওঁতেই তাইৰ কোমল হাত এখনেৰে মোৰ মুখত বাধা দিলে । মই তাইৰ ফালে চালো তাইৰ চকুত মই দেখা পালো এখন ভিন্ন ছবি তাই যেন মোৰ চকুত দেখিছে আবেগৰ , সুখ , দুখ , জীৱনৰ সপোনবোৰ । আমি দুয়ো থৰ লাগিলো কিছু সময় এনেকৈ পাৰ হ'ল । দীঘলীয়া নিৰৱতা ভংগ তাই মোক ক'লে ----


---- জোনাকৰ অবিহনে মায়া সদায় আধৰুৱা । 


মই তাই কোৱা কথাষাৰৰ অৰ্থ বিচৰাত লাগিলো । কিছু সময় মনে মনে ভাবি থাকিলো । এইফালে সূৰুজটো গৈ পশ্চিমৰ আকাশ পাইছে । মই তাইৰ কথাষাৰ বিশ্লেষণ কৰাত ব্যস্ত । মই যেতিয়া নিৰৱে ভাবি আছো তাই মোক সুধিলে --- তুমি ঘৰলৈ যাবা নে নাই ? 


তাইৰ কথাতহে মোৰ চেতনা ঘুৰি আহিল । মই চৰিওফালে লক্ষ্য কৰিলো পোহৰক লাহে লাহে আন্ধাৰবোৰক শোষন কৰিব লাগিছে । পিতায়ো গ'ল ঘৰলৈ । মই আৰু মায়া একেলগে ঘৰমুৱা হ'লো ... ।


০০০-------০০০


শৰতৰ জোনাক নিশা সচাঁকৈ ভাললগা এটি ক্ষন । এফালে জোনাকৰ পোহৰ আনফালে শেৱালীৰ সুগন্ধত মতলীয়া পৃথিৱী । ভাত খাই বিচনাত উঠিছো যদিও টোপনি অহা নাই । মা আৰু পিতাই টোপনিত লালকাল । মই খিৰিকি খন খুলি দিলো। বাহিৰৰ জোনাক এডোখৰ মোৰ কোঠালিত সোমাই আহিছে লগত এজাক মৃদু মলয়া বতাহ ..! .বতাহজাক মোৰ গাত লগাত মোৰ এনে লাগিছে মই যেন কোনোৱা পৰীৰ দেশতে আছো । বাহিৰৰ ফালে চাই থাকোতে কিমান সময় গ'ল তাৰো খবৰ নাই । হঠাৎ মোৰ মনত পৰিল আবেলি পথাৰত মায়াই কোৱা সেই কথাষাৰ । জোনাকৰ অবিহনে মায়া সদায় আধৰুৱা । মই আজিহে স্পষ্ট হৈছো মায়াই যে মোক সচাঁকৈ বহুত ভালপাই । কিন্তু তাইক জানো মোলৈ বিয়া দিব । 


বিয়া ! 


চেহ ময়ো যে আৰু কিবা কথাবোৰ ভাবিছো আমাৰ জানো এতিয়াই বিয়াৰ বয়স হৈছে । পঢ়াৰ জীৱনৰ প্ৰথমটো পৰীক্ষাই যোৱা নাই । এতিয়াই বিয়াৰ কথা ভ‍াবিলে জানো কিবা লাভ হ'ব । মায়াৰো বয়স হোৱা নাই । কিন্তু তাই মাহীমাকৰ ভয়তে ঘৰৰ সকলো কাম চম্ভালে সেই অনু্যায়ী তাই বিয়া হ'লে বিশেষ অসুবিধা নহব যেন লাগে । কিন্তু তাইৰ দেখোন এতিয়া পখিলা খেদাৰহে বয়স । সময় আৰু পৰিস্থিতিয়ে আজি তাইক বাধ্য কৰিছে আন এখন জগতত ভৰি দিবলৈ । 


  মায়াৰ মুখত সদায় বিষাদৰ চিন কিন্তু আজি তাই মোৰ চকুত চকু থৈ বিচাৰিলে মৰমৰ ভাষা ।, হাঁহিৰে ভৰা এখন মুখৰ গৰাকী হ'বলৈ চাগৈ তাই মোক কৈছিল জোনাকৰ অবিহনে মায়া আধৰুৱা.... ।


    আকাশত তিৰবিৰ কৰি নাচি থকা তাৰবোৰক ক'লা ডাৱৰ এজাকে ঢাকি ধৰিলে । মোৰ কোঠালিত পৰা জোনাকখিৰো উজ্জলতা ক্ৰমে হ্ৰাস পাই আহিব ধৰিছে । এটা সময়ত কোঠালিৰ জোনাকখিনি নোহোৱা হৈ পৰিল । মই আকৌ এবাৰ আকাশখনৰ ফালে চালো জোনটোক এডোৰ কলা ডাৱৰে আবৰি ধৰিছে , লগে লগে দেখিব পালো আকাশত দুই এটাকৈ সৰু সৰু বিজুলীৰ পোহৰ । হয়তো বৰষুণ অহাৰ জাননী দিছে । এন্ধাৰ জগতত জোনাকী পৰুৱাবোৰে মতলীয়া হৈ উৰি আছে। কিছুসময় জোনাকী পৰুৱাবোৰৰ তিৰবিৰাই থকা দৃশ্য চাই পাৰ কৰিলো । কিমান সময় গ'ল তাৰ কোনো হিচাপ ৰখা নাই । এনেতে মোৰ হাতখনত বৰষুণ এটোপাল পৰিল ....তেতিয়াহে মোৰ চেতনা ঘুৰি আহিল । মই খিৰিকি খন জপাই দিলো । খিৰিকিখন জপাই দিয়াতেহে মন কৰিলো জ্বলাই থোৱা লেমৰ পোহৰটো লাহে লাহে খীণ হৈ আহিছে । হয়তো তাত থকা কেৰাচিনৰ পৰিমান কমি গৈছে । মই বিচনাখন ভালকৈ জোকাৰি আঠুৱাখন তৰি লৈ লেমৰ পোহৰটোক ফু-মাৰি নুমুৱাই নিদ্ৰাদেৱীৰ কোলাত শুই পৰিলো । টোপনি অহা নাই ....চকু মেল খাই আছে । মোৰ মন জগতত মায়াই প্ৰৱেশ কৰিছে । 


   মায়া সচাঁকৈ বহুত ধুনীয়া । ৰূপৰ ফালৰ পৰাই চাবা নে গুণৰ ফালৰ পৰাই চাবা । মায়া সচাঁকৈ চালে চকুৰোৱা । কিন্তু মায়াৰ জীৱনটো বহুত কষ্টকৰ । তাইৰ স্কুল যোৱাৰ বহুত হেঁপাহ । মই এদিন স্কুলৰ পৰা আহি থাকোতে মোক কৈছিল " তোমাৰ দৰে যদি মোকো স্কুললৈ যাব দিলেহেতেন .....? সেইদিনাৰ পৰাই মই মায়াৰ ইচ্ছাৰ প্ৰেমত পৰিছিলো । মই সেইদিনাৰ পৰাই তাইক প্ৰতিদিনে নতুন নতুনকৈ আবিস্কাৰ কৰিছিলো ? কিন্তু তাইক মই কেতিয়াও প্ৰেমৰ প্ৰস্তাৱ দিয়া নাছিলো সেয়ে আজি তাই যেতিয়া ক'লে জোনাকৰ অবিহনে মায়া সদায় আধৰুৱা মোৰ মনৰ আনন্দৰ আকাশত প্ৰেমৰ ৰামধেনু ওলোৱাৰ দৰে লাগিছে ....।


---------০০০০-------


প্ৰভাতী পক্ষীজাকৰ চিঞৰত টোপনিৰ পৰা সাৰ পালো । বহিৰত বৰষুণ দি থকাৰ বাবে বিচনাতে অলপ বহিলো । মা আৰু পিতাই শুই উঠিল যদিও সিহঁতেও বৰষুণ জাকৰ বাবে বাৰাণ্ডাতে বহি আছে । মই এনেতে পিতাই মাক কোৱা শুনিলো " হৰিচৰ জীয়েক মায়াৰ বোলে বিয়া " 

মায়ে পিতাইক শুধিলে " কাৰ লগত "  

পিতাই মাক কৈছে " কাৰ লগত নাজানো মই শুনিছোহে " 

মাই হুমুনিয়াহ কাঢ়ি ক'লে " হওঁক দে! বেচেৰিজনীয়ে ইয়াত মাহী মাকৰ অত্যাচাৰ কিমান সহ্য কৰিব ,....। 


মাৰ কথাৰ সুৰত সুৰ মিলাই পিতাই ক'লে --- হয় দিয়া বেচেৰি ছোৱালীজনী বহুত দুখ পাই ! নিজৰ সন্তান নহ'ল বুলিয়েই ইমান কষ্ট দিব লাগে নে ? এতিয়া আকৌ ইমান কম বয়সতে বিয়া দিব ওলাইছে ....।


এইফালে মায়াৰ বিয়াৰ বাতৰি শুনি মোৰ বুকুখন কপি উঠিল লগে লগে বিচনাৰ পৰা নামি আহিলো । উধাতু খাই অহাৰ দৰে পিতাই আৰু মাৰ আগত উপস্থিত হ'লো । তেনেকৈ অহা দেখি মাই মোক সুধিলে " তোৰ আকৌ কি হ'ল ইমান উধাতু খাই আহিছা যে ? 


মই মাৰ ফালে চাই সুধিলো --- মা কাৰ বিয়াৰ কথা কৈছা ?


মাই মোৰ ফালে চাই ক'লে " সেই যে গাওঁৰ সিটো মুৰে ঘৰ মায়া ! তাইৰ বিয়া । 


   কি ? এয়া অসম্ভৱ । মই চিঞৰি দিলো ? মোৰ চিঞৰ শুনি পিতাই আৰু মাই মোৰ ফালে চাই থৰ লাগিলে । 


  পিতাই মোক সুধিলে " তোৰ আকৌ কি হ'ল ? " 

পিতাইৰ প্ৰশ্ন শুনি মোৰ ভয় লাগিল ? মই কথাৰ গতি সলাই ক'লো " নহয় মানে ! ইমান ক'ম বয়সতে বিয়া দিয়ে নে ? "

 

মোৰ কথাৰ উত্তৰত পিতাই ক'লে " লোকৰ কথাত তই ইমান লাগিছা যে , লোকৰ কথা ভাবিব তোৰ বয়স হোৱা নাই ...। আগত ভালকৈ পঢ়া শুনা কৰ । তাৰপিছত লোকৰ কথা ভাবিবি । 


মোক তেনেকে কৈ পিতাই ওচৰত থকা আধা বনোৱা বাহঁৰ খৰাহিটো হাতত ল'লে আৰু খৰহিটো সম্পুৰ্ণ কৰাত ব্যস্ত হ'ল । মা তাৰপৰা উঠি গৈ পাকঘৰত সোমাল । মই পীৰা এখনত বহি আনি থকা বৰষুণৰ জাকৰ ফালে চাই ভাবিব ধৰিলো মায়াৰ কথা । মায়াই সচাঁকৈ বিয়া হৈ যাব নেকি ? যদি তাই সচাঁকৈ বিয়া হয় তেতিয়া মই কেনেকৈ থাকিম ? মই কি কৰিম এতিয়া । এইফালে মোৰো বয়স হোৱা নাই পিতাইৰ ওপৰতে খাই আছো । নিজাকৈ একো এটা কৰিব পৰা নাই । যদি মই মায়াৰ কথা ঘৰত কওঁ মোক পিতাই ঘৰৰ পৰা বাহিৰ কৰি দিব । মই মায়াৰ অবিহনেও থাকিব নোৱাৰো । নাই! মই কিবা এটা কৰি এই বিয়া বন্ধ কৰিব লাগিব ! মই বাৰু কেনেকৈ বন্ধ কৰো বিয়াখন ...। একো উপায় বিচাৰি পোৱা নাই দেখোন ! কি কৰো ? মায়াৰ কথাবোৰ মই কাক কওঁ ? সেইফালে চাগে বেচেৰি মায়ায়ো মোৰ কথাকে ভাবি আছে! মই কথাবোৰ ভাবি কিমান সময় পাৰো কৰিলো ধৰিবই নোৱাৰিলো । মাৰ মাততহে মোৰ সম্বিত ঘুৰি আহিল । মাই ক'লে -- " তই ইয়াতেই বহি থাকিলি যে স্কুল নাই নেকি ? মই চাৰিওফালে চালো পিতাইৰ বাহঁৰ খৰাহিটো সম্পুৰ্ণ হোৱাৰ দিশত । আকাশখন চালো বৰষুণ কমিছে যদিও আকাশখন সম্পুৰ্ণকৈ ফৰকাল হোৱা নাই । মই উঠি আহি নাদৰ পাৰ পালো তাতো আকৌ মায়াৰ কথাকে ভাবিলো । মা আৰু পিতাই কোৱা মতে মায়াৰ জীৱনটো বহুত কষ্টকৰ। বহুত কষ্টত তাই জীৱনৰ সময়কন পাৰ কৰিছে । যদি আজি তাইৰ নিজৰ মাক থাকিলহেতেন তেতিয়াহ'লে ইমান কষ্ট নাপালেহেতেন ? 


     মানুহৰ জীৱনটো কিয় এনেকুৱা হয় ? হাঁহো বুলি ভাবিলেও হাঁহিব নোৱাৰি অথচ কান্দিলেও কেতিয়াবা চকুপানী নোলাই । জীৱন সচাঁকৈ মায়াময় । মায়াই মোক ভালপাই মইয়ো তাইক ভালপাওঁ আমিটো কোনো পাপ কৰা নাই । তেনেহলে মনৰ কথাবোৰ ঘৰত কোৱাত কি জগৰ লাগে । নাই, মই পিতাইক আজি সকলো খুলি কম ? মায়াৰ কথা , তাই মোক কৰা বিশ্বাসৰ কথাবোৰ , তাই মোৰ দুচকুত দেখা পোৱা সেই মৰমৰ ভাষাবোৰৰ কথা এই সকলোবোৰ আজি খুলি ক'ম। কিন্তু কেনেকৈ কম? পিতাইৰ আগত মই আজিলেকৈ কোনো প্ৰতিবাদ কৰি পোৱা নাই । যদি পিতাই কথাবোৰ মানি নলয় তেতিয়া মই জানো পিতাইৰ আগত প্ৰতিবাদ কৰিব নালাগিব ...। 


     মায়াই বাৰু এতিয়াও মোৰ কথা ভাবি আছে নেকি ? যদি ভাবিছে কি ভাবিছে বাৰু ? তাই ভাবিছে নেকি মোৰ সৈতে ভবিষ্যতৰ সপোনবোৰ পুৰণ কৰাৰ কথা , তাই ভাবিছে নেকি মই তাইক মৰমৰ সাগৰত ডুবাই পেলাম ? কিন্তু এয়া জানো সম্ভৱ হ'ব । পিতাই যদি কথাবোৰ ওলটাকৈ ভাবে তেতিয়া । এইবোৰ পাছতো দেখা যাব আজি এবাৰ মায়াক যেনেকৈ নহ'লেও ল'গ ধৰিবই লাগিব । কিন্তু কেনেকৈ লগ ধৰিম । আজিটো তাই পথাৰলৈও নাহে । কাৰণ বৰষুণজাকে গমা কৰি ৰাখিছে আজিৰ পৰিবেশ । নাই , আজি যেনেকৈ নহলেও মই তাইক লগ ধৰিমেই । লাগিলে মই সিহঁতৰ ঘৰলৈও যাম । কথাবোৰ ভাবি ভাবিয়েই মই মুখ ধুলো আৰু নাদৰ পাৰৰ পৰা আহি মোৰ কোঠালিত সোমালো।