এটা বহুত ডাঙৰ বিলাসী ঘৰ


ভিতৰৰ পৰা এই ঘৰবোৰ দেখাত নো কেনেকুৱা হয়? বিলাসী ঘৰত বাস কৰা লোকসকল নো কেনেকৈ থাকে? ভিতৰ খন নো দেখিবলৈ কেনেকুৱা হয়? এই দৃশ্য বোৰ তাই T/V ত হে দেখা পাইছিল। তাইৰ বহুত ইচ্ছা আছিল তেনেকুৱা বিলাসী ঘৰ বোৰ ভিতৰৰ পৰা নিজ চকুৰে চাবলৈ। 



পলমকৈ হ'লেও অহা কালিলৈ মৰমীৰ সেই মনৰ ইচ্ছা পূৰণ হ'বলৈ গৈ আছে। তেনেকুৱাতে-

গৰম বন্ধত যেতিয়া মই আৰু মাঁ দুয়ো মাহী হতঁৰ ঘৰলৈ ফুৰিব গৈছিলোঁ তেতিয়া ৰাষ্টাৰ কাষত থকা বৃহৎ আকাৰৰ সুন্দৰ ঘৰবোৰ দেখা পোৱা যায়। ইটা বালি চিমেণ্টেৰে বনোৱা দেৱাল, তাত বিভিন্ন ৰঙেৰে ৰঙীন মনোমোহা প্ৰলেপ, খিৰিকী সমূহ আইনাৰে বনোৱা থাকে আৰু ৰঙীন পৰ্দাৰে ধাকি থৈ দিয়ে। বাৰান্দাত সজাই থোৱা বিভিন্ন Design ৰ Sofa, বাহিৰত বিভিন্ন প্ৰজাতিৰ ফুলৰ পুলি, শাৰী-শাৰীকৈ ৰুই থোৱা ত্ৰিভূজ আকাৰৰ আকাশ চুম্বী গছ বোৰ, চৌহদ টো উজ্বলাই ৰাখিবলৈ চাৰিও দিশে ৰঙীন পোহৰ দিয়া বাল্ব, বৃহৎ আকাৰৰ এখন Main Gate, গেট খনৰ দুফালে দুজন Security guard আৰু বিভিন্ন ৰঙেৰে জিলিকি থকা ব্ৰেণ্ডেদ গাড়ী কেইখনমান দেখা পোৱা যায়।

মই প্ৰায় সময় এইটো কথা ভাবোঁ যে- এনেকুৱা এটা বিলাসী ঘৰত মানুহ বোৰ কেনেকৈ থাকে? এনেকুৱা ঘৰবোৰ T/V ত যেনেদৰে দেখিছিলো থিক তেনেদৰেই কল্পনা কৰিছিলোঁ। মোৰ মনত সদায় এটা ইচ্ছা জাগ্ৰত হয়- এনেকুৱা এটা বিলাসী ঘৰ ভিতৰৰ পৰা চোৱাটো।

আমাৰ ঘৰৰ কাষতে থকা ৰমেন হতঁৰ ঘৰটো কোনোবা এজন ডাঙৰ ব্যবসায়ী বিক্ৰী কৰি দিলে। আৰু এক ৰাতিৰ ভিতৰতে সিহঁতৰ ঘৰতটো ভাগি মাটিৰ লগত মিলাই দিলে। এতিয়া সেই ঠাইডোখৰ উদং হৈ গ'ল। দুই তিনি দিনৰ ভিতৰতে কাম কৰা মানুহ আহি কাম কৰা আৰম্ভ কৰি দিলে। তাৰ কিছুদিনৰ পাছত ডাঙৰ-ডাঙৰ ট্ৰাকেৰে ইটা বালি চিমেণ্ট আৰু লোহাৰ আনি থকা দেখা পালোঁ।

মই সদায় স্কুলৰ পৰা আহি মোৰ ৰুমৰ খিৰিকীৰ পৰা কাম কৰি থকা মানুহ বোৰ চাই থাকোঁ। মাঁ য়ে যেতিয়া খাবলৈ মাতে তেতিয়াহে মই খিৰিকীৰ পৰা আতৰি আহিছিলোঁ।

এদিন স্কুলৰ পৰা আহি খিৰিকীৰ পৰা জুমি চাই দেখো যে-২০/২৫ জন মান মানুহে মূৰত Safety টুপী পিন্ধি ইঞ্চিটেপেৰে ঠাইডোখৰ জোখ মাখ কৰি আছে। মাঁ য়ে মোক কলে যে- Safety টুপী পিন্ধি থকা ব্যক্তি সকল ইঞ্জিনিয়াৰ হয়, তেওঁলোকে ঘৰটোৰ Design কৰিব। আৰু এইয়াত একা বৃহৎ ঘৰ বনাব।

মই কথাটো শুনি বহুত আনন্দ পালোঁ আৰু ভাবিবলৈ ধৰিলো- এই ঘৰটো মই কেতিয়াবা নহয় কেতিয়াবা ভিতৰৰ পৰা চোৱাৰ সুবিধা পাম নিশ্চয়, ভিতৰৰ পৰা চাব পাৰিম। কথাটো ভাবিয়ে মোৰ মন প্ৰফুল্লিত হৈ পৰিল।

       এতিয়া বহুত খৰ- খেদাকৈ কাম আৰম্ভ হ'ব ধৰিলে। কাম কৰা ব্যক্তিসকলে চিঞৰি চিঞৰি কথা পতা, বিভিন্ন ধৰণৰ মেচিন বোৰৰ শব্দ আমাৰ ঘৰৰ ভিতৰলৈকে আহিব ধৰিলে। বহুত ৰাত্ৰি লৈকে এই হুলস্থূল শান্ত হোৱা নামেই নলৈছিল।

ডেৰ বছৰলৈকে এনেদৰেই কাম চলি থাকিল আৰু মাঁ য়ে যেনেদৰে কৈছিল থিক তেনেকুৱাই বৃহৎ মহলৰ দৰে এটা সুন্দৰ ঘৰ বনাই তৈয়াৰ হৈছিল।

       আজি মোৰ স্কুল চুটি আছিল। মই দেখা পালোঁ যে- সেই বৃহৎ ঘৰটো সজাই থকা হৈছে, বিভিন্ন ৰঙৰ ফুলৰ মালা আৰু বিভিন্ন ৰঙীন পোহৰ ওলোৱা জগ্-মগ্ বাল্ব সমূহে ঘৰটোৰ চাৰিওফালে মেৰিয়াই থকা হৈছে। কি হৈছে বুলি কথাটো শুধিবলৈ মাঁ ওচৰলৈ দৌৰি গৈ, মাঁ আৰু দেউতাই কথা পাতি থকা শুনা পালোঁ যে- আজি সেই ঘৰটোৰ শুভ আৰম্ভণি কৰিব হেনো সেই কাৰণে ঘৰটো সুন্দৰকৈ সজাই থকা হৈছে। কথাটো শুনি মই আনন্দেৰে দেউতাক সুধিলো - তেতিয়া হ'লে আমিয়ো যাম ন দেউতা, কাৰণ সিহঁত আমাৰ ঘৰৰ ওচৰৰে মানুহ!! দেউতাই উত্তৰ দিলে: উহো! আমি নায়াও, সিহঁতে আমাক মতা নাই। আনকি সিহঁতে আমাক চিনিয়ে নাপায়। 

দেউতাৰ কথা শুনি মোৰ দুখ লাগিল। কেনেকৈ এই ঘৰটোত পাৰ্টি কৰিব, ঘৰটো ভিতৰত চাগে আৰু সুন্দৰকৈ সজাইছে, সকলোৱে কেনেদৰে আনন্দ কৰি থাকিব, গান লগাই নাছি থাকিব আৰু সৰু সৰু ল'ৰা ছোৱালী বোৰে ইফালৰ পৰা সিফাললৈ দৌৰা-দৌৰি কৰি থাকিব। বহুত সুস্বাদু মিঠাই আৰু আহাৰ খাবলৈ দিব। ইমান ডাঙৰ ঘৰ এইটো। ব্যবসায়ী জনে যদি আমাকো মাতিলে হয়! এনেকুৱা ধৰনৰ কিছুমান কথা মোৰ মনলৈ কল্পনা আহিল।

     খিৰিকী খনৰ ওচৰত থিয় হৈ ভিতৰত হৈ থকা ঘটনাবোৰ দেখা পোৱাৰ আশাৰে ঘৰটোৰ ফালে চাই আছোঁ। লাহে লাহে বেলি ডুবিল, এন্ধাৰ হৈ আহিল। ঘৰটোৰ চাৰিওফালে বিভিন্ন ৰঙৰ পোহৰ দেখা পোৱা গ'ল। বহুত জোৰেৰে গান বাজিব ধৰিলে। ৰাষ্টাৰ কাষত আলহী সকলৰ গাড়ী বোৰ Park কৰি থৈছিল। অতিথি সকলক বহুত ধুনীয়া ধুনীয়া সাজ-পোছাকেৰে ভিতৰলৈ যোৱা দেখা পাইছিলোঁ। মাঁ য়ে মোক ভাত খাবলৈ মাতিছে কিন্তু মোৰ মন সেই সুন্দৰ ঘৰটোৰ ভিতৰলৈ যাবলৈ ইচ্ছা হৈ আছিল। আজি মোৰ মন পচন্দ পালেং শাক আৰ পনীৰ তৰকাৰী খাইয়ো ভাল লগা নাছিল। গোটেই ৰাতিটো পাৰ্টি চলিল।

ৰাতিপুৱা তৈয়াৰ হৈ স্কুল গুছি গলো। ঘূৰি আহি আকৌ খিৰিকীৰ পৰা ঘৰটো চাব কৰিলো। ঘৰটো বাহিৰৰ পৰা দেখাত মনোমোহা আছিল কিন্তু ঘৰটোত কোনো মানুহক দেখা পোৱা নাছিলো। খালি গাড়ী অহা যোৱা কৰি থকা হে দেখা পাওঁ তাকো কেতিয়াবা কেতিয়াবা হে। প্ৰায়ভাগ সেই ডাঙৰ গেট খন বন্ধ হৈ থকাই দেখা পাওঁ।

ব্যবসায়ী খুড়া জন অহা চাৰি/পাঁচ বছৰ হৈ গ'ল। মই আজি কলেজৰ পৰা আহি দেখো যে- সেই বৃহৎ সুন্দৰ ঘৰটো প্ৰথমৰ নিচিনাকৈ এইবাৰো সজাই থকা দেখা পালোঁ। ৰাতি ভাত খাই থাকোঁতে দেউতাই ক'লে যে- অহা মাহত ব্যবসায়ী জনৰ পুতেকৰ বিয়া আছে। শুনা পোৱা মতে ছোৱালী জনী বহুত ভাল, সংস্কাৰৰ ফালৰ পৰা, ব্যবহাৰৰ ফালৰ পৰাও বহুত ভাল। শিক্ষিত ছোৱালী, শান্ত স্বভাৱৰ হেনো। বহুত ভাল ছোৱালী। 

অহা মাহত যদি বিয়া আছে তেতিয়া হ'লে এতিয়াৰ পৰাই লাইট আৰু ডাঙৰ ডাঙৰ T/V কিয় আনিছে? মই শুধিলোঁ।

গোটেই মাহটো ফাংচন পাতিব হেনো। মাঁ য়ে ক'লে।

তাতে আমাৰ কি আহে যায়? আমাক নো কিয় মাতিব? ব্যবসায়ী জনক শত্ৰুতাৰ ভাবেৰে কথাটো মনতে ভাবিলোঁ। 

এমাহ কেনেকৈ গুছি গ'ল গমকে নাপালোঁ। আজি ব্যবসায়ী জনৰ ঘৰত বেণ্ড বাজি আছে, বাহিৰত বহুটো ধনী ধনী ব্যক্তি সকলে ঝুম বান্ধি আছে। ঘৰটো সজাইছেই তাৰ লগতে আলহী সকলক আদৰিবৰ বাবে আধা ৰাষ্টা লৈকে পেণ্ডেল আৰু জগ্-মগ্ লাইট সুন্দৰ কৈ লগাই থৈছে। ব্যবসায়ী জন আৰু তেওঁৰ পত্নী দুয়ো বহুত ধুনীয়া পোচাক পৰিধান কৰি আছিল, আৰু ঘৈনিয়েক গৰাকীয়ে আলহী সকলক আদৰ সাদৰ কৰি আছে। এইবোৰ ম‌ই স্কুলৰ পৰা ঘৰলৈ উভতি আহোঁতে দেখা পালোঁ। মোৰো মন গৈছিল বিয়াত যাবলৈ, কিন্তু আমাক মতা নাই। গোটেই ৰাতিটো বেণ্ড বাজি থাকিল, গাড়ীৰ শব্দ, বিয়ালৈ অহা আলহী সকলে আনন্দ কৰি নাছি থকাৰ শব্দ, মানে গোটেই ৰাতিটো কোলাহল হৈ থাকিল।

মই শুই শুই ভাবিছোঁ- ভিতৰত সকলোৱে কেনেদৰে আনন্দ কৰি আছে। দুটা পৰিয়ালৰ মিলন হৈছে, ইফালে দুজনৰ নতুন যুগ্ম জীৱনৰ আৰম্ভনি হৈছে, সিহঁতৰ আনন্দৰ সীমা নাইকীয়া হৈ আছে চাগৈ। বোৱাৰী জনীয়ে বহুতো Gift পাইছে চাগৈ। তাই এই মহলটোৰ ৰানী হৈ থাকিব তাইৰ দিন ভাল। তাইৰ আগে পাছে চাকৰ-চাকৰণী ঘূৰি ফুৰিব, আৰামত থাকিব, তাই একো কৰিব লগীয়া নহ'ব। ইমান এটা ডাঙৰ ঘৰ, বিলাসী বিলাসী গাড়ী আৰু বহুতো টকা পইচা, এজনী ছোৱালীক নো আৰু কিহৰ প্ৰয়োজন, এইখিয়েই যথেষ্ট। ইমান ডাঙৰ আৰু মনোমোহা চৌদিশ- মানে যেনেদৰে চিনেমা বোৰত দেখায় থিক তেনেদৰে কল্পনা কৰি কৰি মই টুপনি গলো।

       বহুত দিনৰ লৈকে ঘৰটোলৈ একেৰাহে গাড়ী অহা যোৱা কৰি থাকিল। 

এদিন হৰ্ঠাৎ ৰমেনৰ ঘৈনিয়েক( প্ৰেমতে আমাৰ কাষত থকা মানুহ ঘৰৰ...) আমাৰ ঘৰলৈ আহিল আৰু তেওঁৰ ছোৱালী জনীৰ বিয়ালৈ আমাক নিমন্ত্ৰণ দিলে। মাঁ লগত কথা পাতি থাকোতে কোনোবা এটা কথাত ব্যবসায়ী জনৰ ঘৰৰ কথাও ওলাল। ব্যবসায়ী জনৰ কথা ওলাওতে ৰমেনৰ ঘৈনিয়েকে মাঁ আগত কলে যে- আমি যোৱাৰ পাছত সিহঁতেই আপোনালোকৰ চুবুৰীয়া হ'ল। পিছে যোৱা বছৰ ল'ৰাটোৰ বিয়া আছিল, অলপ অসুবিধাৰ বাবে মই আহিব নোৱাৰিলোঁ। বোৱাৰী জনী বহুত ভাল সুন্দৰ, শান্ত আৰু বহুত পঢ়া-শুনা থকা। ল'ৰাটোৰ ভাগ্য ভাল কাৰণ এনেকুৱা এজনী ছোৱালী আজিৰ দিনত সহজতে পোৱা বহুত কঠিন। পিছে আপোনালোকে সিহঁতৰ বিয়ালৈ গ'ল নে নাই?

নাই-নাই খুড়ী, আমি ক'ত নো গৈছো!! সিহঁতে আমাক নামাতিলেই। সিহঁতে আমাক আজিলৈ চিনিয়ে নাপায়। মোৰ বহুত মন যায় বোৱাৰী জনীক এবাৰ চাবলৈ, সিহঁতৰ ঘৰতটোৰ ভিতৰলৈ এবাৰ জাবলৈ কিন্তু....। খালি গাড়ী অহা যোৱা কৰি থকা দেখা পাওঁ আৰু তাৰ পাছত দিনটো গেটখন বন্ধ হৈ থকাই দেখা পাওঁ। এইবুলি মই তপৰাই মাত দিলোঁ।

মোৰ কথা শুনি খুড়ীয়ে মোক ক'লে - অহা মাহত আমাৰ পাহীৰ বিয়াত সিহঁতকো‌ মাতিছো । ব্যবসায়ী জন আৰু তেওঁৰ পত্নী আমেৰিকাত থকাৰ বাবে আহিব নোৱাৰিব, পুতেক টো অফিচৰ কামত ব্যস্ত থাকিব হেনো। বোৱাৰী জনী আমাৰ পাহী বিয়াত যাব তেতিয়া তোমাক বোৱাৰী জনীৰ লগত চিনাকি কৰাই দিম দিয়া । 

এইবুলি কোৱাত মই আনন্দ পালোঁ কাৰণ বোৱাৰী জনীৰ লগত যদি চিনাকি হওঁ তেতিয়া হ'লে আমি বন্ধু হৈ যাম আৰু সিহঁতৰ ঘৰত মই নিচিন্ত মনে কোনো অসুবিধা নোহোৱাকৈ যাব পাৰিম আৰু মোৰ মনৰ আশা পূৰণ হ'ব। 

      খুড়ীয়ে আমাক পাহীৰ বিয়ালৈ নিমন্ত্ৰণ দিলে। আপুনি, ককাইদেউ আৰু মৰমী তিনিয়ো বিয়ালৈ আহিব বুলি কৈ খুড়ী গুছি গ'ল।

দেউতা মাঁ আৰু মই পাহীৰ বিয়াত গলো। দূৰৰ পৰাই খুড়ীয়ে আমাক দেখি তেখেতৰ ফালে ইংগিতেৰে আমাক মাতিলে। আমি তিনিয়ো খুড়ীৰ ওচৰ পালোঁ গৈ। তেতিয়া খুড়ীয়ে কাষতে থকা সুন্দৰী এগৰাকীক মাতিলে আৰু মোৰ ফালে চাই - সুমিত্ৰা এইজনী মৰমী, তাই তোমাক এবাৰ চাবলৈ বহুত আশা কৰি থাকে আৰু তাই তোমালোকৰ ঘৰৰ কাষৰ ঘৰতে থাকে। .... মৰমী,এইগৰাকী সুমিত্ৰা তোমালোকৰ ঘৰৰ কাষৰ ঘৰৰ বোৱাৰী। 

   আচ্ছা সঁচাকৈ - সুমিত্ৰাই ক'লে।

মই কিবা এটা কোৱাৰ আগতে সুমিত্ৰাই মোক সাৱতি ধৰিলে।

তুমি বহুত সুন্দৰী দেখোন? নামটো মৰমী কিন্তু দেখাই-শুনাইয়ো বহুত মৰম লগা তুমি। আমাৰ ঘৰৰ কাষতে থকা তথাপিও তোমাক এদিনো দেখা নাই। আমাৰ ঘৰলৈ আহিবা দুয়ো মিলি বহু কথা পাতিম। দিনটো ঘৰত মই অকলে থাকোঁ। 

নিশ্চয়! নিশ্চয় বাইদেউ বহুত সোনকালেই আপোনালোকৰ ঘৰলৈ যাম। আপুনি আপোনাৰ ফোন নম্বৰ টো মোক দিয়ক, যোৱাৰ আগত আপোনাক এবাৰ খবৰটো দিম। মই কলো।

মোৰ আনন্দৰ কোনো সীমা নাই। মোৰ ইচ্ছা পূৰণ হ'ব গৈ আছে। এতিয়া মই আৰামত সেই ঘৰটোৰ ভিতৰলৈ যাব পাৰিম। যদি সুমিত্ৰা মোৰ বান্ধবী বনি যায় তেতিয়া টো ক'বই নালাগে। 

সেই সময়ত মোৰ পৰিক্ষা চলিব হৈছিল। দিনটোৰ প্ৰায়ভাগ সময় মই পঢ়া লিখাত ধ্যান দিয়াত ব্যস্ত হৈ গ'লো। কিছুদিনৰ পাছত মোৰ পৰিক্ষা শেষ হ'ল। খিৰিকীৰ পৰা সুন্দৰ ঘৰটো চাই থকা আজি পাঁচ/ছয় বছৰ হৈ গ'ল। পৰিক্ষা দি ঘৰলৈ আহোঁতে সুমিত্ৰা বাইদেউৰ বাবে এটা সুন্দৰ Gift কিনি লৈ আহিছোঁ। অহা কালিলৈ সিহঁতৰ ঘৰলৈ যাম। মাঁ পৰা অনুমতি বিচৰাত প্ৰথমতে সুমিত্ৰাক ফোন কৰি যাবলৈ দিলে। 

নিশ্চয় ফোন কৰিয়ে যাম - মই মাঁক কথা দিলোঁ।

অহা কালিলৈ মই সেই ঘৰটো ভিতৰৰ পৰা দেখা পাম, এইটো ভাবি মই মনতে আনন্দ পালোঁ। 

ৰাতিপুৱা গাড়ীৰ হৰ্ণৰ শব্দত মোৰ টোপনি ভাগিল। মাঁ ঘৰত নাই। মই দৌৰি গৈ খিৰিকী খনৰ পৰা চাই দেখো যে- সুমিত্ৰা বাইদেউ হতঁৰ ঘৰৰ পদূলিত চাৰিখন পুলিছৰ গাড়ী ৰখাই থোৱা আছে। বহুত মানুহৰ‌ ভীৰ জমা হৈছে, সন্মূখত News Channel ৰ Reporter সকল। সুন্দৰ ঘৰটোৰ চৌদিশে কোলাহলে ঘেৰি ধৰিছিল। তাত কি হৈছিল তেতিয়া লৈকে মই গমকে পোৱা নাছিলো। 

তেনেকুৱাতে মাঁ আহি মোক মাত লগালে। মই মাঁ ওচৰলৈ দৌৰি গৈ - ইমান সময় আপুনি ক'ত গৈছিলে মা‌ঁ? সুমিত্ৰা বাইদেউ হতঁৰ ঘৰত কি হৈছে নো? ইমান পুলিচ কিয় আহিছে? মই মাঁক সুধিলো।

সুমিত্ৰা আৰু এই দুনীয়াত নাই। মই সিহঁতৰ ঘৰলৈ গৈ গম পালোঁ যে- সুমিত্ৰাক তাইৰ গিৰিয়েকে মাৰ-ধৰ কৰে হেনো। তাইৰ শহুৰেকে তাইক ভাল নাপায়, তাইৰ লগত কাজিয়া কৰে। ঘৰৰ পৰা বহুতো যৌতুক আনিছিল তথাপিও যৌতুকৰ কাৰণে শহুৰেক আৰু গিৰিয়েকে মিলি তাইক মাৰে বোলে। ল'ৰাটোৱে তাইক পচন্দ নকৰে হেনো । ল'ৰাটোৱে তাইক কেতিয়াও ভাল ব্যৱহাৰ নকৰিছিল কাৰণ সি অফিচত কোনোবা এজনী বেলেগ ছোৱালীক হে পচন্দ কৰে। সেই কাৰণে সিহঁতে তাইক বহুত মানসিক আৰু শাৰিৰীক কস্ত দি থাকে। সন্তান জন্ম নোহোৱা নাৰী বুলি তাইক বদনাম কৰি ফুৰে বোলে। মানে সকলো ফালৰ পৰা তাইক সিহঁতে কস্ত দিছিল। সেইকাৰণে আজি তাই নিজকে এই দুনীয়াৰ পৰা আতঁৰ কৰি দিলে। কথাটো কৈ থাকোঁতে মাঁ দুচকুৰ পৰা চকুলো বৈ আহিছিল। 

    কথাটো শুনি মোৰ শৰীৰ কপি গৈছিল, বুকুত দুখে জোৰকৈ খুন্দা মাৰিছিল। মোৰ বাইদেউৰলৈ বৰকৈ মনত পৰিছে। ম'বাইল টো উলিয়াই বাইদেউৰ Watshaap ৰ DP খন ঝুম কৰি কৰি চাই আছোঁ, ইমান সুন্দৰ,‌সংস্কাৰী, নম্ৰ মানুহ এগৰাকী যে মৃত্যু হ'ল সেই কথাটো মোৰ বিশ্বাসেই হোৱা নাছিল। সেই ডাঙৰ সুন্দৰ ঘৰটো‌ দেখাৰ হাবিয়াস তৎক্ষণাৎ মোৰ মনৰ পৰা নাইকীয়া হ'ল। 

ডাঙৰ ডাঙৰ ঘৰ নহয় আমাৰ চিন্তা ধাৰণাবোৰ ডাঙৰ হ'ব লাগে,আমাৰ হৃদয় বিশাল হ'ব লাগে। দেখাত সুন্দৰ ঘৰ হ'লে নহ'ব, আমাৰ এটা সুন্দৰ মনৰ অধিকাৰী হ'ব লাগিব, সুন্দৰ কৰ্ম কৰিব লাগিব,আনৰ প্ৰতি প্ৰেম ভাব থাকিব লাগিব। দূৰৰ পৰা দেখাত ভাল হ'লে নহ'ব, ভাল চৰিত্ৰৰ হ'ব লাগিব,ভাল সংস্কাৰ হ'ব লাগিব, মুখৰ ভাষা ভাল হ'ব লাগিব। ভাল ভাল দামি কাপোৰ পিন্ধি থাকিলে কি হ'ব যদি কৰ্ম বোৰেই পশুতূল্য হয়, নিম্ন খাপৰ হয়। টকাৰে ধনী হ'লে নহ'ব মনেৰে ধনী হ'ব লাগিব। ঘৰৰ মহল টো ডাঙৰ হ'লে নহ'ব যদি আমাৰ মগজু টো ঠেক হয়, আনক দেখাই ধনী হ'লে নহ'ব যদি ভাৱনা বোৰ, কল্পনা বোৰ আৰু চিন্তা বোৰ নিজক লৈয়েই সীমিত হয়। (এনেকুৱা মানুবোৰ দুঠেঙীয়া একো একোটা পশু তাৰ বাহিৰে একো নহয়)।।

দূৰৰ পৰাই জিলিকি থকা ঘৰটোৰ ভিতৰত যে ইমান অন্ধকাৰ হ'ব পাৰে এই কথাটো মই কেতিয়াও অনুভৱ কৰা নাছিলোঁ যদিও এতিয়া অনুভৱ কৰিবলৈ বাধ্য কৰাই দিলে। আৰু সকলো যে সিহঁতৰ নিছিনা একে নহয় সেই কথাটো সুমিত্ৰা বাইদেউৰ আচৰণ, চৰিত্ৰ, ব্যবহাৰ,শালিনতা, নম্ৰতা, ভদ্ৰতা আৰু মিলাপ্ৰীতি ভাবেৰে মোক অনুভৱ কৰাই দিলে।। 

      ধন্যবাদ 🙏